সমাস

দুটা বা অধিক পদ গোটখাই এটা হোৱাকে সমাস বোলা হয় ।

সমাস আৰু সন্ধিৰ পাৰ্থক্য

১. সমাস হোৱা পদ বিলাকৰ অৰ্থৰ লৰচৰ হয়, কেতিয়াবা সিহঁতৰ অৰ্থ নাথাকেই, এটা নতুন অৰ্থ হয় । দুটা শব্দৰ সন্ধি হ’লে, সিহঁতৰ অৰ্থৰ লৰচৰ নহয় ।

যেনেঃ ন + দণ্ড = উদণ্ড (সমাস), পিতৃ + আলয় = পিত্ৰালয় (সন্ধি) ।

২. সমাস হ’লে, আগৰ পদ বিলাকৰ বিভক্তি নাথাকে, নতুন পদটোত মাথোন বিভক্তি যোগ হয় । আনহাতে বিভক্তিযুক্ত পদৰ ভিতৰতো সন্ধি হয় ।

যেনেঃ দদাই + দেউ = দদাইদেউ (সমাস), মানুহ + অক = মানুহক (সন্ধি) ।

 

টোকাঃ

ভিন ভিন পদৰ বিভক্তি গুচাই দিয়াই সমাসৰ কাৰ্য্য ।

সন্ধিয়ে কেৱল পদবিলাকক যেনে আছে তেনেই জোৰাই থয় মাথোন, সমাসে সিহঁতৰ সানমিহলি কৰি এটা কৰে; সন্ধি আৰু সমাস কথা চুটি কৰিবৰ উপায় ।

কিন্তু অসমীয়া মানুহে প্ৰায় সেইদৰে কথা চুটি নকৰে । সেই দেখি অসমীয়া ভাষাত সকলো সময়ত সকলো পদৰ সমাস নহয় । কেতবিলাক প্ৰচলিত সমাস আছে, সেয়েই মাথোন অসমীয়া সাহিত্যত ব্যৱহাৰ হয় ।

সমাসৰ প্ৰকাৰ

সমাস মুঠতে ছবিধঃ

দ্বন্দ্ব, বহুব্ৰীহি, কৰ্ম্মধাৰয়, তৎপুৰুষ, দ্বিগু আৰু অব্যয়ীভাব । ইয়াৰ ওপৰিও নঞ বোলা এবিধ সমাস আছে, সি তৎপুৰুষ সমাসৰ অন্তৰ্গত । 

ব্যস্তপদ, সমস্তপদ, ব্যাস বাক্য

যি যি পদবিলাকৰ সমাস হয়, সিহঁতক ব্যস্ত পদ বোলে ।

সমাস হৈ উৎপন্ন হোৱা পদটোক সমস্ত পদ বোলে ।

যি বাক্যৰ পদবিলাকৰ সমাস হয়, সেই বাক্যটোক ব্যাস বাক্য বোলা হয় ।

উদাহৰণঃ

শূল আছে যাৰ পাণিত = শূলপাণি

ইয়াত - ‘শূল আছে যাৰ পাণিত’ ব্যাসবাক্য, ‘শূল’ আৰু ‘পাণি’ ব্যস্ত পদ, ‘শূলপাণি’ সমস্ত পদ ।

দ্বন্দ্ব সমাস

দুটা বা অধিক পদ গোট খাই এটা হ’লে, বা এটা পদেই অধিকক বুজালে, তাক দ্বন্দ্ব সমাস বোলে । 

দ্বন্দ্ব সমাস তিনি বিধঃ- ইতৰেতৰ, সমাহাৰ আৰু একশেষ ।

ইতৰেতৰ দ্বন্দ্ব

যি দ্বন্দ্ব সমাসত প্ৰত্যেক ব্যস্ত পদৰ অৰ্থ থাকে তাক ইতৰেতৰ দ্বন্দ্ব বোলে । ইতৰেতৰ দ্বন্দ্বৰ সমস্ত পদটো সদায় বহুবচন হয় ।

যেনেঃ ৰাম আৰু লক্ষ্মণ = ৰামলক্ষ্মণ, ৰাম আৰু ৰাৱণ = ৰামৰাৱণ, ৰাম আৰু কৃষ্ণ = ৰামকৃষ্ণ । 

১. দ্বন্দ্ব সমাসত গোট খোৱা পদবিলাকৰ ভিতৰত মান্য বুজোৱা পদ প্ৰায় আগত বহে । যেনেঃ ৰামলক্ষ্মণ, দেৱদানৱ, কৃষ্ণবলৰাম ।

২. দ্বন্দ্ব সমাসত দীঘল পদ প্ৰায় শেষত বহে । ইয়াৰ ভিতৰত মান্যবোধক অমান্যবোধক পদৰ কোনো ভেদাভেদ নহয় অৰ্থাৎ এই নিয়ম মতে মান্যবোধক হ’লেও দীঘল পদ পাছলৈ যায় । যেনেঃ নৰনাৰায়ণ, লক্ষ্মীসৰস্বতী, জয়পৰাজয় ।

৩. দুটা বা অধিক বিশষণ পদ বিশেষ্য পদৰ দৰে ব্যৱহাৰ হ’লে, সিহঁতৰো ইতৰেতৰ দ্বন্দ্ব সমাস হয় । যেনেঃ ভালবেয়া, শান্তশিষ্ট, সাধুসন্ত ।

৪. দ্বন্দ্ব সমাসত পাছত থকা ‘নিশা’ আৰু ‘ৰাত্ৰি’ শব্দ আকাৰন্ত হয় । যেনেঃ দিবা আৰু ৰাত্ৰি = দিবাৰাত্ৰ, অহঃ আৰু নিশা = অহৰ্নিশ, অহঃ আড়ু ৰাত্ৰি = অহৰাত্ৰ ।

৫. পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ পদৰ সমাস হ’লে, স্ত্ৰীলিঙ্গ পদ প্ৰায় আগত বহে । যেনেঃ ৰাধাকৃষ্ণ, লক্ষ্মীনাৰায়ণ, সীতাৰাম । *কেতিয়াবা পুংলিঙ্গ পদো আগত বহে । যেনেঃ হৰগৌৰী, ল’ৰাছোৱালী, নন্দযশোদা ।

৬. দ্বন্দ্ব সমাস হোৱা পদবিলাক প্ৰায় গোটখুৱাই এটা কৰি লিখা হয়। কিন্তু পদবিলাক দীগল হ’লে, সিহঁতৰ মাজত একদেশ চিন দিয়া যায় । যেনেঃ কল-কুঁহিয়াৰ, বিশেষণ-সৰ্ব্বনাম, সম্ভাব্য-ভূত কাল । *পদবিলাকৰ সন্ধি হ’লে অৱশ্যে একদেশ চিন থাকিব নোৱাৰে ।

সমাহাৰ দ্বন্দ্ব

যি দ্বন্দ্ব সমাসত, সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰিও অন্য অৰ্থ বুজায়, তাক সমাহাৰ দ্বন্দ্ব বোলে । সমাহাৰ দ্বন্দ্বত সমস্ত পদ সদায় একবচন হয় । যেনেঃ নামৰ মাহচাউল, ঘৰৰ কাঁহীবাটী, বাৰীৰ আমকঁঠাল ।

ইয়াত মাহচাউল পদে মাহ, চাউল, কল, কুঁহিয়াৰ আদি সকলো উপসাৰ বস্তু বুজাইছেং কাঁহীবাটী পদে কাঁহী, বাটী, ঘটী, লোটা, চৰিয়া আদি সকলো সাজ বুজাইছে আৰু আমকঁঠাল পদে আম, কঁঠাল, লেটুক, পনিয়াল, টেঙ্গা, জৰা আদি বাৰীত হোৱা সকলো ফল বুজাইছে, এতেকে সিহঁত সমাহাৰ দ্বন্দ্ব ।

টোকাঃ

কোনটো সমাস ইতৰেতৰ আৰু কোনটো সমাহাৰ তাক ঠাৱৰাবলৈ হ’লে গোটেইটো বাক্যৰ ভাবটোলৈ মন কৰিব লাগিব ।

“এইখন গোপালৰ তামোল-পাণৰ বাৰী আৰু সিখন আম-কঁঠালৰ বাৰী ।” - কথাষাৰৰ মতে গোপালৰ এইখন বাৰীত কেৱল তামোল আৰু পাণ আছে, আৰু সিখনত আম আৰু কঁঠাল আছে । গতিকে ইয়াত তামোল-পাণ আৰু আম-কঁঠাল ইতৰেতৰ দ্বন্দ্ব হ’ব ।

“কালি নিশাৰ ধুমুহাই মানুহৰ তামোল-পাণৰ বাৰী উপান্ত কৰিলে ।” - কথাষাৰৰ মতে মানুহৰ তামোল, পাণ, আম, কঁঠাল আদি বস্তুৰ বাৰী ধুমুহাই উপান্ত কৰিলে । গতিকে ইয়াত তামোল-পাণ সমাহাৰ দ্বন্দ্ব হ’ব ।

ইতৰেতৰ আৰু সমাহাৰ - এই দুই সমাসৰ প্ৰভেদ সমস্ত পদৰ ৰূপৰ পৰা বুজা নাযায়, বাক্যৰ অৰ্থৰ পৰাহে বুজা যায় ।

*সংস্কৃতত পদৰ ৰূপৰ পৰাও ইতৰেতৰ আৰু সমাহাৰ বুজা যায়, কিয়নো ইতৰেতৰত সমস্ত পদ বহুবচন আৰু সমাহাৰত সমস্ত পদ একবচন হয় । আৰু সংস্কৃতত বচন অনুসাৰে শব্দৰ ৰূপ ভিন হৈ পৰে । অসমীয়া ভাষাত তেনে নহয়, কেতিয়াবা কোনো শব্দত বহুবচনৰ চিন বোৰ, বিলাক যোগ হয়, কেতিয়াবা নহয়, তেতিয়াও সি বহুবচন হয় । কিন্তু ৰাধাকৃষ্ণ, হৰিহৰ, চন্দ্ৰদিবাকৰ এনেবিলাক পদ দেখোঁতেই ইতৰেতৰ, সিহঁত সমাহাৰ কেতিয়াও হ’ব নোৱাৰে ।

১. তা বা ত্ব অন্তত থকা ভাববোধক দুটা বা অধিক পদৰ সমাহাৰ হলে, সিহঁতৰ আগৰ পদবিলাকৰ তা, ত্ব গুচি শেষৰ পদত মাথোন থাকে । যেনেঃ দীৰ্ঘতা আৰু উচ্চতা = দীৰ্ঘউচ্চতা, ভদ্ৰতা আৰু অভদ্ৰতা = ভদ্ৰাভদ্ৰতা, লঘুত্ব আৰু গুৰুত্ব = লঘুগুৰুত্ব ।