ণত্ব বিধি

অসমীয়া ভাষাত একোটা শব্দত/পদত দন্ত্য ন মূৰ্দ্ধণ্য ণ হোৱাৰ নিয়মবোৰকে ণত্ববিধি বোলে ।

কেতিয়া হয়

 

কেতিয়া নহয়

১. এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ-ৰ পাচত দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণু, বৰষুণ ।

 

২. ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য, ৱ, হ বা অনুস্বাৰ (ং) থাকিলে দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ ।

 

৩. দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ’লে আগৰ শব্দত ঋ, ৰ বা ষ থাকিলে পাচৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

যেনেঃ শূৰ্পণখা, অক্ষৌহিণী ।

 

৪. ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে দন্ত্য ন সদায় মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ কণ্টক, পিণ্ড, মুণ্ড ।

 

৫. পূৰ্ব্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পাচৰ অহ্ন শব্দৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ পূৰ্ব্ব + অহ্ন = পূৰ্ব্বাহ্ণ ।

 

৬. দুৰ উপসৰ্গৰ বাদে আন উপসৰ্গৰ ৰ-ৰ পাচত থকা নম্ আৰু নী ধাতুৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ প্ৰ + নম্ + ষঞ্= প্ৰণাম, প্ৰ + নী + অল্ = প্ৰণয় ।

৭. আম্ৰ আদি শব্দ আগত থাকিলে বন শব্দৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ আম্ৰবণ ।

 

৮. উত্তৰ, চান্দ্ৰ, পৰ আদি শব্দ আগত থাকিলে পাচৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

যেনেঃ উত্তৰ + অয়ন = উত্তৰায়ণ, চান্দ্ৰ + অয়ন = চান্দ্ৰায়ণ, পৰ + অয়ন = পৰায়ণ ।

 

৯. কিছুমান শব্দৰ দন্ত্য ন স্বভাৱতে মূৰ্দ্ধণ্য ণ ।

 

যেনেঃ বাণিজ্য, বণিক, গৌণ, তুণ, নিপুণ, কল্যাণ ।

  ১. ঋ, ৰ, ষ-ৰ পাচত থাকিলেও পদৰ শেষত থকা দন্ত্য ন মূৰ্দ্ধণ্য ণ নহয় ।

 

যেনেঃ নৰান্, ব্ৰহ্মচাৰিন্ ।

 

২. ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ-ৰ বাদে আন স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্দ্ধণ্য ণ নহয় ।

 

যেনেঃ ৰইনা, গেৰেকনি, ফেৰেঙ্গনি ।

 

৩. দুটা ভিন্ ভিন্ শব্দ গোট খাই এটা হ’লে আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পাচৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ নহয় ।

 

যেনেঃ দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, হৰিনাথ, হৰিনাৰায়ন ।

 

৪. ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ-ৰ পাচত থাকিলেও দন্ত্য ন মূৰ্দ্ধণ্য ণ নহয় ।

 

যেনেঃ বান্ধন, বৃন্দাবন ।

৫. অসমীয়া স্ত্ৰী প্ৰত্যয় নী-ৰ দন্ত্য ন মূৰ্দ্ধণ্য ণ নহয় ।

 

যেনেঃ বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী ।

 

৬. বিদেশী শব্দত বা নামত ণত্ববিধিৰ নিয়মবিলাক নাখাটে ।

 

যেনেঃ কোৰান, ইউৰেনাচ, ৰোৱেনা ।