বচন

সংজ্ঞাবোধক বিশেষ্য পদৰ দুই বচনঃ একবচন আৰু বহুবচন । এটাক বুজালে একবচন আৰু এটাতকৈ অধিকক বুজালে বহুবচন বোলে ।

  • পদৰ বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা প্ৰত্যয় ব্যৱহাৰ হয় । যেনঃ বোৰ, বিলাক, হঁত, সকল, লোক আৰু মখা ।
  • বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয় । যেনেঃ মানুহবোৰ, ল’ৰাহঁত, গৰুবিলাক ।
  • বহুবচনৰ পদত, বিভক্তি বহুবচন প্ৰত্যয়ৰ পাছত যোগ হয় । যেনেঃ মানুহবোৰে, মানুহবোৰক, মানুহবোৰেৰে ।

বহুবচনৰ নিয়মসমূহ

১. বস্তুৰ পৰিমাণ আৰু সংখ্যা দুয়োকো বুজাবলৈ বহুবচনত “বোৰ” আৰু “বিলাক” ব্যৱহাৰ হয় । যেনেঃ চাউলবোৰ, চাউলবিলাক ।

২. মানুহ বুজোৱা শব্দৰ বহুবচনত, অনাদৰত, অৰ্থাৎ তুচ্ছ ভাব থকা বা নথকাত “বোৰ” ব্যৱহাৰ হয় । যেনেঃ চোৰবোৰ, ল’ৰাবোৰ ।

৩. মানুহ বুজোৱা শব্দৰ বহুবচনত, আদৰত, অৰ্থাৎ তুচ্ছ ভাব নাথাকিলে “বিলাক” ব্যৱহাৰ হয় । যেনেঃ পণ্ডিতবিলাক, ল’ৰাবিলাক । *চোৰ বা ডকাইতবিলাক অসঙ্গত ।

৪. মানুহ বুজোৱা শব্দৰ বহুবচনত, অনাদৰত, অৰ্থাৎ তুচ্ছ ভাব থকাত “হঁত” ব্যৱহাৰ হয় । তেতিয়া বিশেষ কেইটামান মানুহক বুজায় । যেনেঃ ল’ৰাহঁত, কুলিহঁত ।

৫. সম্বন্ধ বুজোৱা শব্দৰ বহুবচনত সম্ভ্ৰমাৰ্থতো “হঁত” ব্যৱহাৰ হয় । যেনেঃ দেউতাহঁত, ককাইদেউহঁত ।

৬. গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ কৰিলে সেই জন্তুৰ নামতো বহুবচনত “হঁত” ব্যৱহাৰ হয় । যেনেঃ গৰুহঁত, কুকুৰহঁত ।

৭. লোক আৰু সকল সম্ভ্ৰম, সম্মান বা সমীহ ভাবাৰ্থত ব্যৱহাৰ হয় । যেনেঃ চাহাবলোক, পণ্ডিতসকল । *বহুবচন চিন স্বৰূপে “লোক” শব্দৰ ব্যৱহাৰ অতি বৰল ।

৮. বস্তুৰ পৰিমাণ আৰু সংখ্যা বুজাবলৈ বহুবচনত কেতিয়াবা “মখা” শব্দ ব্যৱহাৰ হয় । যেনেঃ লাড়ুমখা, পানীমখা । * বহুবচনৰ চিন স্বৰূপে “মখা” শব্দৰ বয়ৱহাৰ মৌখিক, লিখিত পৰিমাৰ্জ্জিত ভাষাত ব্যৱহাৰ নাই । কিন্তু মাউখ অৰ্থত মাৰ্জ্জিত ভাষাতো “মখা” ব্যৱহাৰ হয় । যেনেঃ সান্দহৰ মখা ।

বিভক্তি অনুসাৰে সংজ্ঞাবোধক বিশেষ্যৰ ৰূপ

বিভক্তি প্ৰত্যয় একবচন বহুবচন
প্ৰথমা মানুহে মানুহবিলাকে
দ্বিতীয়া অক মানুহক মানুহবিলাকক
তৃতীয়া এৰে মানুহেৰে মানুহবিলাকেৰে
তৃতীয়া এদি মানুহেদি মানুহবিলাকেদি
তৃতীয়া দ্বাৰা মানুহৰ দ্বাৰা মানুহবিলাকৰ দ্বাৰা
তৃতীয়া দ্বাৰায় মানুহৰ দ্বাৰায় মানুহবিলাকৰ দ্বাৰায়
চতুৰ্থী অলৈ মানুহলৈ মানুহবিলাকলৈ
চতুৰ্থী অক মানুহক মানুহবিলাকক
পঞ্চমী পৰা মানুহৰ পৰা মানুহবিলাকৰ পৰা
ষষ্ঠী অৰ মানুহৰ মানুহবিলাকৰ
সপ্তমী অত মানুহত মানুহবিলাকত

 

টোকাঃ

অনলাইন শব্দ-বিভক্তি সঁজুলিৰ কাৰণে ইয়াত যাওঁক ।