অনুস্বাৰ সন্ধি

অনুস্বাৰ (ং) বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি সন্ধি হয় বা দুই বৰ্ণৰ সন্ধিত যদি অনুস্বাৰ বৰ্ণ (ং) উৎপত্তি হয় তাক অনুস্বাৰ সন্ধি বোলে । যেনেঃ সং + গতি = সঙ্গতি ।

অনুস্বাৰ সন্ধিৰ নিয়মসমূহ

১. অনুস্বাৰৰ পাচত যি বৰ্গৰ বৰ্ণ থাকে, অনুস্বাৰ মৰি সেই বৰ্গৰ পঞ্চম বৰ্ণ হয় ।

সং + গতি = সঙ্গতি ইয়াত গ মৰি ঙ হৈছে ।
সং + চয় = সঞ্চয় ইয়াত চ মৰি ঞ হৈছে ।

 

২. অন্তঃস্থ বা উষ্মবৰ্ণ পাচত থাকিলে, আগৰ ম্ মৰি অনুস্বাৰ হয় ।

সম্ + যম = সংযম ইয়াত অন্তঃস্থ বৰ্ণ য-ৰ লগত সন্ধি হৈছে ।
সম্ + যোগ = সংযোগ ইয়াত অন্তঃস্থ বৰ্ণ য-ৰ লগত সন্ধি হৈছে ।
সম্ + লগ্ন = সংলগ্ন ইয়াত অন্তঃস্থ বৰ্ণ ল-ৰ লগত সন্ধি হৈছে ।
সম্ + সৰ্গ = সংসৰ্গ ইয়াত উষ্মবৰ্ণ স-ৰ লগত সন্ধি হৈছে ।