ষত্ব বিধি

অসমীয়া ভাষাত একোটা শব্দত/পদত দন্ত্য স মূৰ্দ্ধণ্য ষ হোৱাৰ নিয়মবোৰকে ষত্ববিধি বোলে ।

কেতিয়া হয়

 

কেতিয়া নহয়

১. অ সবৰ্ণৰ বাদে আন স্বৰবৰ্ণ, বা ক বা ৰ আগত থাকিলে প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় ।

 

যেনেঃ জি + সন্ + আ = জিগীষা, মৃ + সন্ + উ = মুমৰ্ষ, শ্ৰীচৰণ + সু = শ্ৰীচৰণেষু ।

 

২. ই বা উ অন্তত থকা উপসৰ্গৰ পাচত সদ্, সিচ্, সিধ্, নম্ আৰু স্থা আদি ধাতুৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় ।

 

যেনেঃ বি + সদ্ + ঘঞ = বিষাদ, অভি + সিচ্ + ঘঞ = অভিষেক, নি + সিধ্ + অল্ = নিষেধ, অভি + লস্ + ঘঞ = অভিলাষ, প্ৰতি + স্থা + ঙ = প্ৰতিষ্ঠা, অনু + স্থা + ক্ত = অনুষ্ঠিত ।

 

৩. ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় । 

 

যেনেঃ ভূমি + স্থ = ভূমিষ্ঠ, গো + স্থ = গোষ্ঠ, অঙ্গু + স্থ = অঙ্গুষ্ঠ । 

 

৪. যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় ।  

 

যেনেঃ যুধি + স্থিৰ = যুধিষ্ঠিৰ ।

 

৫. প্ৰত্যয় যোগ হ’লে হবিস্ আৰু চক্ষুস্ শব্দৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় । 

 

যেনেঃ হবিস্ + ষ্ = হবিষ্য, চক্ষুস্ + ষ্ণ = চাক্ষুষ ।

 

৬. কিছুমান শব্দৰ দন্ত্য স স্বভাৱতে মূৰ্দ্ধণ্য ষ হয় ।

যেনেঃ ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰত্যুষ, কৰ্ষণ, প্ৰদোষ, ঈৰ্ষা, তুষাৰ, গণ্ডুষ, ষোড়ষ, পুৰুষ, মেষ, ওষধি, ভূষণ, আষাড়, মুষিক, পুষ্প, কোষ, ষড়ানন, ইষৎ, বিষ, গ্ৰীষ্ম, ঔষধ, পোষণ, বিশেষ, বিশেষ্য, ভীষ্ম, পৌৰ, বিশেষণ, পাষাণ, ভিষক, ঘৰ্ষণ, নিঃশেষ ।

  ১. সাৎ প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধণ্য ষ নহয় । 

 

যেনেঃ ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ ।