স্থানবোধক সৰ্ব্বনাম

সিবিলাক সৰ্ব্বনাম শব্দই ঠাই বুজায়, সিহঁতক স্থানবোধক সৰ্ব্বনাম বোলে । সেইবোৰ হ’ল -

 

  চতুৰ্থী (অলৈ) চতুৰ্থী (অক) পঞ্চমী (পৰা) ষষ্ঠী (অৰ) সপ্তমী (অত)
অলৈ x অ’ৰ পৰা অ’ৰ অ’ত
ইয়া ইয়ালৈ x ইয়াৰ পৰা ইয়াৰ ইয়াত
কলৈ x ক’ৰ পৰা ক’ৰ ক’ত
তলৈ x ত’ৰ পৰা ত’ৰ ত’ত
তা তালৈ x তাৰ পৰা তাৰ তাত
যলৈ x য’ৰ পৰা য’ৰ য’ত

 

উদাহৰণঃ

ইয়াত : গুৱাহ‌টী এখন ডাঙৰ চহৰ । ইয়াত বহুত লোক বাস কৰে ।

 

টোকাঃ

১. প্ৰথমা, দ্বিতীয়া আৰু তৃতীয়া বিভক্তিত স্থানবোধক সৰ্ব্বনামৰ ব্যৱহাৰ নাই ।

২. স্থানবোধক সৰ্ব্বনামত চতুৰ্থী বিভক্তিৰ “লৈ” ৰ পাছত “কে” যোগ দিলে পৰ্য্যন্ত অৰ্থ হয় । যেনেঃ ইয়ালৈকে = এই ঠাই পৰ্য্যন্ত ।