সংখ্যাবোধক শব্দ

যিবিলাক শব্দই বস্তুৰ লেখ বুজাই, সিহঁতক সংখ্যাবোধক শব্দ বোলে । যেনেঃ এক, দুই, তিনি, চাৰি, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ ইত্যাদি ।

 

টোকাঃ

১. সংখ্যাবোধক শব্দৰ লিঙ্গ ভেদ কৰা নহয় আৰু সিহঁতত বিভক্তি যোগ নহয় ।

২. আদিত ব্যঞ্জনবৰ্ণ থকা শব্দৰ আগত বহিলে এক, দুই আৰু ছয় সংখ্যাবোধক শব্দৰ শেষৰ আখৰ প্ৰায়ে লোপ হয় ।

উদাহৰণঃ

এক + টকা = এটকা

দুই + টকা = দুটকা

ছয় + টকা = ছটকা

৩. আদিৰ ব্যঞ্জনবৰ্ণত ও-কাৰ যোগ থাকিলে দুই ৰ “ই” লোপ পায় আৰু উ-কাৰ মৰি ও-কাৰ হয় ।

উদাহৰণঃ

দুই + মোনা = দোমোনা

দুই + পোণ = দোপোণ

৪. আদিত স্বৰবৰ্ণ থকা শব্দৰ আগত বহিলে “এক” শব্দৰ “ক” লোপ নহয় ।

উদাহৰণঃ

দুই + অনা = দু-অনা

ছয় + অনা = ছ-অনা

কিন্তু,

এক + অনা = এক অনা

৫. যেতিয়া “আষাৰ” শব্দৰ আগত “এক” বহে, একৰ “ক” আৰু আষাৰৰ “আ” কেতিয়াবা লোপ হয় ।

উদাহৰণঃ

এক + আষাৰ = এষাৰ (এষাৰ কথা কৈ যাওঁ)

এক + উপায় = এক উপায়