গুণবোধক শব্দ

যিবিলাক শব্দই সজ্ঞা বা বিশেষণ শব্দৰ পৰা উৎপন্ন হৈ গুণ, স্বভাৱ বা ব্যবসায় বুজায়, সিহঁতক গুণবোধক শব্দ বোলে ।

উদাহৰণঃ

গুণ বুজুৱা,

দুষ্ট = দুষ্টালি, পণ্ডিত = পণ্ডিতালি

স্বভাৱ বুজুৱা,

বহুৱা = বহুৱালি, বলিয়া = বলিয়ালি

ব্যৱসায় বুজুৱা,

বেজ = বেজালি, পুৰোহিত = পুৰোহিতালি

 

টোকাঃ

১. গুণবোধক শব্দত বিভক্তি যোগ হয়, কিন্তু সিহঁতৰ লিঙ্গ বা বচন নাই ।

২. ব্যৱসায় বুজুৱা গুণবোধক শব্দ কিছুমান আন ভাষাৰ পৰা আহি সম্প্ৰতি অসমীয়া ভাষাত ব্যৱহাৰ হ’বলৈ ধৰিছে । যেনেঃ উকিল = ওকালতি, কেৰাণী = কেৰাণীগিৰি, হাকিম = হাকিমি ।