সমিধানবোধক অব্যয়

যিবিলাক অব্যয় শব্দই আন মানুহৰ কথাৰ সমিধান অৰ্থাৎ উত্তৰ দিয়া বুজায়, সিহঁতক সমিধানবোধক অব্যয় বোলে । ওঁ, ওঁহ, বাৰু, ভাল, এৰা, হয়, হৈছে ইত্যাদি সমিধানবোধক অব্যয় ।

উদাহৰণঃ

ভাল : তই এবাৰ যাবি । (উত্তৰত) ভাল মই যাম ।

 

টোকাঃ

১. ওঁ, এৰা, হয়, হৈছে এই কেইটা অব্যয় কেৱল শলাগণিত ব্যৱহাৰ হয় । সমনীয়া বা সাধাৰণ মানুহৰ কথা শলাগোঁতে ওঁ, এৰা আৰু মান্যৱন্ত মানুহৰ শলাগোঁতে হয়, হৈছে ব্যৱহাৰ কৰা যায় । * হৈছে অব্যয়ৰ সিমান প্ৰচলন নাই, কেৱল সাধাৰণ মানুহৰ ভিতৰতহে ইয়াৰ ব্যৱহাৰ হয় ।

উদাহৰণঃ

সমনীয়া বা সাধাৰণ মানুহে সুধিলে,

ওঁ : তুমি গৈছিলানে ? (উত্তৰত) ওঁ গৈছিলোঁ ।

মান্যৱন্ত মানুহে সুধিলে,

হয় : তুমি গৈছিলানে ? (উত্তৰত) হয় গৈছিলোঁ ।

২. বাৰু আৰু ভাল অব্যয় আন মানুহৰ অনুৰোধত মান্তি হোৱা বুজাবলৈ ব্যৱহাৰ হয় । সাধাৰণ বা সমনীয়া মানুহৰ অনুৰোধৰ উত্তৰত “বাৰু”, আৰু মান্যৱন্ত মানুহৰ অনুৰোধৰ উত্তৰত “ভাল” ব্যৱহাৰ কৰা যায় ।

উদাহৰণঃ

সমনীয়া বা সাধাৰণ মানুহৰ অনুৰোধত,

বাৰু : তুমি এবাৰ যাবা । (উত্তৰত) বাৰু মই যাম ।

মান্যৱন্ত মানুহৰ অনুৰোধত,

ভাল : তুমি এবাৰ যাবা । (উত্তৰত) ভাল মই যাম ।

৩. ওঁহ সাধাৰণ বা সমনীয়া মানুহৰ কথাত অমান্তি বুজাবলৈ ব্যৱহাৰ হয় ।

উদাহৰণঃ

ওঁহ : তই যাবিনে ? (উত্তৰত) ওঁহ মই নাযাওঁ ।