পৃথকবোধক অব্যয়

যিবিলাক অব্যয় শব্দই দুটা বা সৰহ পদ বা বাক্যৰ অৰ্থ পৃথক কৰি দেখুৱায়, সিহঁতক পৃথকবোধক অব্যয় বোলে । বা, নাইবা, অথবা, কিম্বা, নতুবা, কি, কিন্তু, তেও, বিশেষ, বিশেষত আদি পৃথকবোদক অব্যয় শব্দ ।

উদাহৰণঃ

বা : তুমি বা মই কামটো কৰিব লাগিব ।

কি : দুটা কি তিনিটা ল’ৰা আহিব ।

তেও : মই ইমানকৈ মাতিছিলোঁ তেও তুমি নাহিলা ।