বিসৰ্গ সন্ধি

বিসৰ্গ (ঃ) বৰ্ণৰ লগত আন বৰ্ণৰ যি সন্ধি হয় তাক অনুস্বাৰ সন্ধি বোলে । যেনেঃ নিঃ + চয় = নিশ্চয় ।

বিসৰ্গ সন্ধিৰ নিয়মসমূহ

১. চ, ছ পাছত থাকিলে আগৰ বিসৰ্গ মৰি শ্ হয় । ট, ঠ পাছত থাকিলে ষ্ হয় আৰু ত, থ পাছত থাকিলে স্ হয় । 

ঃ + চ = শ্ নিঃ + চয় = নিশ্চয় ইয়াত ঃ মৰি শ্ হৈছে ।
ঃ + ছ = শ্ শিৰঃ + ছেদ = শিৰশ্ছেদ ইয়াত ঃ মৰি শ্ হৈছে ।
ঃ + ট = ষ্ ধনুঃ + টঙ্কাৰ = ধনুষ্টংকাৰ ইয়াত ঃ মৰি ষ্ হৈছে ।
ঃ + ঠ = ষ্ - -
ঃ + ত = স্ নিঃ + তেজ = নিস্তেজ ইয়াত ঃ মৰি স্ হৈছে ।
ঃ + থ = স্ - -

  

২. ৰ পাছত থাকিলে আগৰ বিসৰ্গ মৰি যি ৰ্ হয়, সেই ৰ লোপ হয়, আৰু তাৰ আগৰ হ্ৰস্ব স্বৰ দীৰ্ঘ হয় । 

নিঃ + ৰস = নীৰস
নিঃ + ৰব = নীৰব
নিঃ + ৰোগ = নীৰোগ

 

৩. ক, খ, প, ফ পাছত থাকিলে আগৰ বিসৰ্গ মৰি স্ হয়, কিন্তু অ-সবৰ্ণৰ (্, া) বাজে আন স্বৰবৰ্ণ ( ি, ী, ু, ূ আদি) -ৰ পাচত থাকিলে ষ্ হয়।  

মনঃ + কামনা = মনস্কামনা (অ-কাৰান্ত মনঃ)
নিঃ + পাপ = নিষ্পাপ (ই-কাৰান্ত নিঃ)
নিঃ + ফল = নিষ্ফল (ই-কাৰান্ত নিঃ)

 

৪. বৰ্গৰ তৃতীয়, চতুৰ্থ বা পঞ্চম বৰ্ণ অথবা য, ৰ, ল, ৱ, হ পাছত থাকিলে স-জাত বিসৰ্গ মৰি “ৰ” হয় ।

অন্তঃ + আত্মা = অন্তৰাত্মা
প্ৰাতঃ + উত্থান = প্ৰাতৰুত্থান
পুনঃ + অপি = পুনৰপি
পুনঃ + জনম্ = পুনৰ্জন্ম
দুঃ + মূল্য = দুৰ্মূল্য
দুঃ + ভাবনা = দুৰ্ভাবনা

 

৫. স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয়, চতুৰ্থ বা পঞ্চম বৰ্ণ অথবা য, ৰ, ল, ৱ, হ পাছত থাকিলে অ-সবৰ্ণৰ বাজে আন স্বৰবৰ্ণৰ পাছত থকা সকলো বিধৰ বিসৰ্গ মৰি “ৰ্” হয় ।

নিঃ + আকাৰ = নিৰাকাৰ
দুঃ + আকাঙ্খা = দুৰাকাঙ্খা
আশীঃ + বাদ = আশীৰ্বাদ / আশীৰ্ব্বাদ
নিঃ + মূল = নিৰ্মূল / নিৰ্ম্মূল

 

৬. অ-কাৰত বাজে আন স্বৰবৰ্ণপাছত থাকিলে অ-কাৰৰ পা‌ছত থকা স-জাত বিসৰ্গ লোপ হয়, লোপৰ পাছত আৰু শব্দ দুটাৰ সন্ধি নহয় ।

অতঃ + এব = অটএব

 

৭. অ বা বৰ্গৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ অথবা য, ৰ, ল, ৱ, হ পাছত থাকিলে, অ-কাৰৰ পাছত থকা স-জাত বিসৰ্গ আৰু অ-কাৰ দুয়ো মিলি “ও” হয়, আৰু পাছত থকা অ-কাৰ লোপ হয় ।  

মনঃ + অভিলাষ = মনোভিলাষ অ-বৰ্ণৰ লগত সন্ধি হৈছে
অধঃ + গত = অধোগতি ক-বৰ্গৰ তৃতীয় বৰ্ণ “গ” ৰ লগত সন্ধি হৈছে
বয়ঃ + ধিক = বয়োধিক ত-বৰ্গৰ চতুৰ্থ বৰ্ণ “ধ” ৰ লগত সন্ধি হৈছে
মনঃ + যোগ = মনোযোগ ইয়াত য-বৰ্ণৰ লগত সন্ধি হৈছে
সৰঃ + বৰ = সৰোবৰ ইয়াত ব-বৰ্ণৰ লগত সন্ধি হৈছে
মনঃ + হৰ = মনোহৰ ইয়াত হ-বৰ্ণৰ লগত সন্ধি হৈছে