পদ - বিশেষণ
যি বিলাক শব্দই বিশেষ্য পদৰ গুণ প্ৰকাশ কৰে, সিহঁতক বিশেষণ পদ বোলা হয় । যেনেঃ তপত পানী । ইয়াত “তপত” শব্দটিয়ে পানীৰ এটা বিশেষ গুণ প্ৰকাশ কৰিছে, এতেকে সি পানী বিশেষ্যৰ বিশেষণ ।
টোকাঃ
১. বিশেষণত বিভক্তি যোগ নহয়, বিশেষ্যটোৰ যি বিভক্তি, তাৰো সেই বিভক্তি বুলি ধৰা হয় ।
২. পুংলিঙ্গত আৰু স্ত্ৰীলিঙ্গত বিশেষণৰ ৰূপ ভিন ভিন হয়, ক্লীৱলিঙ্গত নহয়, তাৰ পুংলিঙ্গৰ ৰূপেই ক্লীৱলিঙ্গৰ ৰূপ । যেনেঃ সুন্দৰ ল’ৰা, সুন্দৰী ছোৱালী, সুন্দৰ পৰ্ব্বত ।
৩. সংজ্ঞা শব্দৰ লিঙ্গ পৰিৱৰ্তনৰ নিয়মেই সম্ভৱমতে বিশেষণততো খাটে ।
৪. অসমীয়া পুংলিঙ্গ শব্দ স্ত্ৰীলিঙ্গ কৰিবলৈ হ’লে, তাৰ অন্তত প্ৰাই ঈ-কাৰ যোগ হয় । ঈ-কাৰ যোগ হ’লে শব্দৰ শেষৰ স্বৰ লোপ হয়, আৰু শব্দৰ আদিৰ অ-কাৰ গুছি আ-কাৰ হয়, আৰু ও-কাৰ গুছি উ-কাৰ হয় ।
উদাহৰণঃ
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ | পুংলিঙ্গ | স্ত্ৰীলিঙ্গ | |
বগা | বগী | অজলা | আজলী | |
মুগা | মুগী | অঁকৰা | আঁকৰী | |
বুঢ়া | বুঢ়ী | পৰলা | পাৰলী | |
মেচা | মেচী | কঁজলা | কাঁজলী | |
কুঁজা | কুঁজী | কণা | কাণী | |
মেনা | মেনী | লোদোৰা | লুদুৰী | |
কলা | কলী | খোনা | খুনী | |
টেঙ্গৰ | টেঙ্গৰী | লোধোমা | লুধুমী |
৫. অনেক সময়ত বিশেষণ শব্দ বাক্যত বিশেষ্যৰূপে ব্যৱহাৰ হয় । সেইবিলাক শব্দ যদিও আচলত বিশেষণ, তাত সিহঁতক বিশেষ্য পদ বুলি ধৰিব লাগে ।
৬. কোনো কোনো বিশেষণ পদৰ স্ত্ৰীলিঙ্গত ৰূপ একেবাৰে বেলেগ ।
উদাহৰণঃ
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ |
ৰঙ্গা | ৰাঙ্গলী |
কলা | কালৰী |
বেঙা | বেঙেৰী |
৭. কোনো কোনো বিশেষণ পদৰ স্ত্ৰীলিঙ্গত ৰূপ সলনি নহয় ।
উদাহৰণঃ
পুংলিঙ্গ | স্ত্ৰীলিঙ্গ | পুংলিঙ্গ | স্ত্ৰীলিঙ্গ | |
ভাল | ভাল | বেয়া | বেয়া | |
ওখ | ওখ | চাপৰ | চাপৰ | |
সৰু | সৰু | ডাঙৰ | ডাঙৰ |
৮. সংখ্যাবোধক বা বিশেষণ শব্দ আগত যোগ হ’লে বিশেষ্যও বিশেষণ হয় । স্ত্ৰীলিঙ্গত ইহঁতৰ ৰূপ সলনি নহয় ।
উদাহৰণঃ
এ + কলহ | একলহ পানী | মহা + প্ৰাণ | মহাপ্ৰাণ বৰ্ণ | |
এ + জাক | এজাক গৰু | অলপ + ভাগ | অলপভাগ সম্পত্তি | |
এ + ঘৰ | এঘৰ মানুহ | ৰক্ত + প্ৰবাল | ৰক্তপ্ৰবাল ৰঙৰ |
৯. কেতিয়াবা বিশেষ্য শব্দও বিশেষণ স্বৰূপে ব্যৱহাৰ হয় ।
উদাহৰণঃ
পানী + কেচুৱা | পানী কেচুৱা |
গাধ + ল’ৰা | গাধ ল’ৰা |
লাতুৰ + চৰণ | লাতুৰ চৰণ |
১০. বাক্যত বিশেষণ স্ত্ৰীলিঙ্গবোধক বিশেষ্য পদৰ পাছত ব্যৱহাৰ হ’লে তাত স্ত্ৰীলিঙ্গৰ চিন প্ৰায় নাথাকে ।
উদাহৰণঃ
ছাগলীজনী কলা | কলী ছাগলী | |
ছোৱালীজনী অঁকৰা | আঁকৰী ছোৱালী |
১১. দুটাৰ ভিতৰত তুলনা কৰিবলৈ বিশেষণ পদৰ পাছত “তৰ” আৰু সৰহৰ ভিতৰত তুলনা কৰিবলৈ বিশেষণ পদৰ পাছত “তম” যোগ কৰা হয় ।
যেনেঃ এইটোতকৈ সিটো গুৰুতৰ বিষয়, পৃথিৱীৰ ভিতৰত হিমালয় উচ্চতম গিৰি ।
১২. যদি “তৰ” আৰু “তম” যোগ নহয়, অসমীয়া ভাষাত “কৈ” যোগ দিয়া হয় ।
যেনেঃ সোণত কৈ লো গধুৰ, লো সকলো ধাতুত কৈ গধুৰ ।