বিশেষণীয় বিশেষণ

বিশেষণ পদৰ গুণ বুজাবলৈ যি বিশেষণ ব্যৱহাৰ কৰা হয়, তাক বিশেষণীয় বিশেষণ পদ বোলে । কেইটামান উদাহৰণ তলত দিয়া হ’ল ।

 

১. ল’ৰাটো নিচেই সৰু । ইয়াত “নিচেই” বিশেষণ পদে “সৰু” বিশেষণ পদৰ গুণ প্ৰকাশ কৰিছে । অৰ্থাৎ “নিচেই” এটা বিশেষণীয় বিশেষণ পদ ।

 

২. মানুহগৰাকী বৰ শকত । ইয়াত “বৰ” বিশেষণ পদে “শকত” বিশেষণ পদৰ গুণ প্ৰকাশ কৰিছে । অৰ্থাৎ “বৰ” এটা বিশেষণীয় বিশেষণ পদ ।

 

এনে, তেনে, কেনে, যেনে, এনেকুৱা, তেনেকুৱা আদি কিছুমান বিশেষণ সৰ্ব্বনাম শব্দকো বিশেষণীয় বিশেষণ স্বৰূপে ব্যৱহাৰ কৰা হয় । যেনেঃ এনে বেয়া কথা, এনেকুৱা‌ টান পুথি ।