কাৰক

ক্ৰিয়াৰ লগত সম্বন্ধ হ’লে সৰ্ব্বনাম আৰু বিশেষ্য পদক কাৰক বোলা হয় । কাৰক ছবিধঃ কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ ।

কৰ্ত্তাকাৰক

যি ক্ৰিয়া কৰে সি কৰ্ত্তাকাৰক । কৰ্ত্তাকাৰকত প্ৰথমা বিভক্তি (এ) যোগ হয় ।

মেঘে গাজিছে  মেঘ + এ = মেঘে ইয়াত বিশেষ্য “মেঘ” কৰ্ত্তাকাৰক
সি শুইছে   ইয়াত সৰ্ব্বনাম “সি” কৰ্ত্তাকাৰক

কৰ্ম্মকাৰক

যাৰ ওপৰত ক্ৰিয়া হয় তাক কৰ্ম্মকাৰক বোলে । কৰ্ম্মকাৰকত দ্বিতীয়া বিভক্তি (অক) যোগ হয় ।

গোপালে হৰিক মাৰিলে হৰি + অক = হৰিক ইয়াত বিশেষ্য “হৰি” কৰ্ম্মকাৰক
মই তাক দিছিলোঁ সি + অক = তাক ইয়াত সৰ্ব্বনাম “তাক” কৰ্ম্মকাৰক

কৰণকাৰক

যাৰ বা যিহৰ দ্বাৰায় কৰ্ত্তাই ক্ৰিয়া সম্পন্ন কৰে তাক কৰণকাৰক বোলে । কৰণকাৰকত তৃতীয়া বিভক্তি (এৰে, এদি, দ্বাৰা, দ্বাৰায়) যোগ হয় ।

সি কুঠাৰেৰে গছডাল কাটিছিল কুঠাৰ + এৰে = কুঠাৰেৰে ইয়াত বিশেষ্য “কুঠাৰ” কৰণকাৰক
ৰামে হাতেদি বস্তুটো দিছিল হাত + এদি = হাতেদি ইয়াত বিশেষ্য “হাত” কৰণকাৰক

সম্প্ৰদানকাৰক

যাক দান কৰা যায়, তাক সম্প্ৰদানকাৰক বোলে ।  সম্প্ৰদানকাৰকত চতুৰ্থী বিভক্তি (অলৈ, অক) যোগ হয় ।

মই ৰামলৈ কিতাপ আনিলোঁ ৰাম + অলৈ = ৰামলৈ ইয়াত বিশেষ্য “ৰাম” সম্প্ৰদানকাৰক
মই তেওঁক চোলাটো দিছিলোঁ তেওঁ + অক = তেওঁক ইয়াত সৰ্ব্বনাম “তেওঁ” সম্প্ৰদানকাৰক

 

টোকাঃ

গৰাকীয়ে নিজৰ স্বত্ব পৰিত্যাগ কৰি দান কৰিলেহে দান কৰা হয়, তেতিয়াহে দানৰ পাত্ৰত চতুৰ্থী বিভক্তি হয় । আগলৈ ঘূৰাই লম বুলি দিলে, বা দিবলগীয়া বস্তু দিলে দান কৰা নহয় । যেনেঃ ধোবাক কাপোৰ দিলে, ৰজাক কৰ দিলে বা আনক কোনো বস্তু ধাৰলৈ দিলে দান কৰা নহয় । অৰ্থাৎ ইয়াত ধোবাত, ৰজাত বা ধৰুৱাত চতুৰ্থী বিভক্তি যোগ নহয় ।

অপাদানকাৰক

যাৰ পৰা বা যিহৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা বা নিৰস্ত হোৱা বুজায় বা ভয় খোৱা, ৰক্ষা পোৱা বা আঁতৰ হোৱা বুজায়, তাক অপাদান কাৰক বোলে । অপাদানকাৰকত পঞ্চমী বিভক্তি (পৰা) যোগ হয় ।

গাখীৰৰ পৰা ঘিউ হয় গাখীৰ + পৰা = গাখীৰৰ পৰা ইয়াত বিশেষ্য “গাখীৰ” অপাদানকাৰকত
গছৰ পৰা পাত সৰিছে গছ + পৰা = গছৰ পৰা ইয়াত বিশেষ্য “গছ” অপাদানকাৰকত
মই তেওঁৰ পৰা বাছিলোঁ তেওঁ + পৰা = তেওঁৰ পৰা ইয়াত সৰ্ব্বনাম “তেওঁ” অপাদানকাৰকত

 

টোকাঃ

সপ্তম্যন্ত (সপ্তমী বিভক্তি অন্তত থকা) পদত তুলনাত “কৈ” যোগ হ’লে, সি অপাদান কাৰক হয় । যেনেঃ ৰামতকৈ হৰি ডাঙৰ ।

আবধি আৰু অপেক্ষা শব্দৰ যোগতো অপাদান কাৰক হয় । যেনেঃ অদ্যাবধি ।

অধিকৰণকাৰক

যত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে । অধিকৰণ কাৰকত সপ্তমী বিভক্তি (অত) যোগ হয় ।

তেওঁ পাটীত শুই আছে পাটী + অত = পাটীত ইয়াত বিশেষ্য “পাটী” অধিকৰণকাৰক
মই কাগজত লিখি আছোঁ কাগজ + অত = কাগজত ইয়াত বিশেষ্য “কাগজ” অধিকৰণকাৰক

 

টোকাঃ

অধিকৰণ কাৰক দুবিধঃ কালবোধক অধিকৰণ আৰু স্থানবোধক অধিকৰণ ।

কোনো কালত বা সময়ত সম্পাদিত ক্ৰিয়াক অধিকৰণত প্ৰকাশ কৰিলে তাক কালবোধক অধিকৰণ বোলে ।

আনহাতে কোনো স্থানত বা ঠাইত সম্পাদিত ক্ৰিয়াক অধিকৰণত প্ৰকাশ কৰিলে তাক স্থানবোধক অধিকৰণ বোলে ।

সি ইয়ালৈ ভাদমাহত আহিছিল ভাদমাহ + অত = ভাদমাহত কালবোধক অধিকৰণকাৰক
সি গুৱাহাটীত থাকে গুৱাহাটী + অত = গুৱাহাটীত স্থানবোধক অধিকৰণকাৰক