সংজ্ঞাবোধক বিশেষ্য
যি বিশেষ্য পদে সংজ্ঞা অৰ্থাৎ কোনো প্ৰাণীৰ বা বস্তুৰ নাম বুজায় তাক সংজ্ঞাবোধক বিশেষ্য বোলে । সংজ্ঞাবোধক বিশেষ্য দুবিধঃ সাধাৰণ সংজ্ঞাবোধক বিশেষ্য আৰু বিশেষ সংজ্ঞাবোধক বিশেষ্য ।
সাধাৰণ সংজ্ঞাবোধক বিশেষ্য
যি বিশেষ্য পদে সাধাৰণ সংজ্ঞা অৰ্থাৎ প্ৰাণীৰ বা বস্তুৰ সাধাৰণ নাম বুজায় তাক সাধাৰণ সংজ্ঞাবোধক বিশেষ্য বোলে । যেনেঃ জুই, পানী, নদী, পৰ্ব্বত, আকাশ ইত্যাদি ।
বিশেষ সংজ্ঞাবোধক বিশেষ্য
যি বিশেষ্য পদে কোনো এক বিশেষ সংজ্ঞা অৰ্থাৎ কোনো এক বিশেষ প্ৰাণীৰ বা বস্তুৰ নাম বুজায় তাক বিশেষ সংজ্ঞাবোধক বিশেষ্য বোলে । যেনেঃ অসম, ব্ৰহ্মপুত্ৰ, নীলাচল, গোপাল, ৰাম ইত্যাদি ।