কণ্ঠ্যবৰ্ণ

যি বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক কণ্ঠ্যবৰ্ণ বোলে ।

 

যেনেঃ অ, আ, ক, খ, গ, ঘ, হ । 

তালব্যবৰ্ণ

তালুৰ পৰা উচ্চাৰিত বৰ্ণসমূহক তালব্যবৰ্ণ বোলে ।

 

যেনেঃ ই, ঈ, এ, ঐ, চ, ছ, জ, ঝ, ঞ, শ ।

মূৰ্দ্ধণ্যবৰ্ণ

মূৰৰ পৰা উচ্চাৰিত বৰ্ণসমূহক মূৰ্দ্ধণ্যবৰ্ণ বোলে ।

 

যেনেঃ ঋ, ৠ, ট, ঠ, ড, ঢ, ণ, ষ ।

দন্ত্যবৰ্ণ

দাঁতৰ পৰা উচ্চাৰিত বৰ্ণসমূহক দন্ত্যবৰ্ণ বোলে ।

 

যেনেঃ ত, থ, দ, ধ, ন, ল, ৱ, স । 

ওষ্ঠ্যবৰ্ণ

ওঠৰ পৰা উচ্চাৰিত বৰ্ণসমূহক ওষ্ঠ্যবৰ্ণ বোলে ।

 

যেনেঃ উ, ঊ, ও, ঔ, প, ফ, ব, ভ, ম ।

অনুনাসিক বৰ্ণ

যি ব্যঞ্জনবৰ্ণ নাকি সুৰত বা নাকেৰে উচ্চাৰিত হয়, সেই বৰ্ণক অনুনাসিক বৰ্ণ বোলে ।

 

যেনেঃ ঙ, ঞ, ণ, ন, ম, ং ।

অল্পপ্ৰাণ বৰ্ণ

বৰ্গীয় বৰ্ণবিলাকৰ ভিতৰত প্ৰত্যক বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল, সেয়েহে সিহঁতক অল্পপ্ৰাণ বৰ্ণ বোলে ।

 

যেনেঃ ক, গ, ঙ, চ, জ, ঞ ইত্যদি ।

মহাপ্ৰাণ বৰ্ণ

বৰ্গীয় বৰ্ণবিলাকৰ ভিতৰত প্ৰত্যক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কৰ্কশ, সেয়েহে সিহঁতক মহাপ্ৰাণ বৰ্ণ বোলে ।

 

যেনেঃ খ, ঘ, ছ, ঝ ইত্যদি ।

 

টোকাঃ

মহাপ্ৰাণ বৰ্ণৰ দ্বিত্ব হ’লে, প্ৰথম বৰ্ণটো অল্পপ্ৰাণ হয় । 

 

যেনেঃ মূৰ্চ্ছিত, বৰ্দ্ধন ।

 

ব্যাকৰণৰ নিয়ম মতে ৰেফ্ যোগ হ’লে, আখৰৰ দ্বিত্ব হয়, অৰ্থাৎ সেই আখৰ দুটা হয় । ওপৰৰ উদাহৰণত সেই দেখি বৰ্ধ্ধন হ’ব লাগিছিল, কিন্তু ধ মহাপ্ৰাণ হোৱা হেতুকে প্ৰথম বৰ্ণটি দ হৈ বৰ্দ্ধন হৈছে ।