স্বৰ সন্ধি

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰ সন্ধি বোলে ।

 

যেনেঃ হিম(অ) + আচল = হিমাচল ।

স্বৰ সন্ধিৰ নিয়মসমূহ

১. এবিধ সবৰ্ণৰ এটা বৰ্ণ আগত আৰু এটা বৰ্ণ পাচত থাকিলে, দুয়ো মিলি দীৰ্ঘ বৰ্ণ বা দীৰ্ঘ বৰ্ণৰ যৌগিক আকৃতি হয় আৰু সেই দীৰ্ঘ বৰ্ণ বা যৌগিক আকৃতি আগৰ আখৰত যোগ হয় ।

অ, আ অ + অ = া মৃগ + অঙ্ক = মৃগাঙ্ক
অ + আ = া কুশ + আসন = কুশাসন
আ + অ = া মহা + অৰ্ঘ = মহাৰ্ঘ
আ + আ = া মহা + আশয় = মহাশয়
     
ই, ঈ ই + ই = ী অতি + ইত = অতীত
ই + ঈ = ী প্ৰতি + ঈক্ষা = প্ৰতীক্ষা
ঈ + ই = ী -
ঈ + ঈ = ী পৃথিৱী + ঈশ্বৰ = পৃথিৱীশ্বৰ
     
উ, ঊ  উ + উ = ূ কটু + উক্তি = কটূক্তি 
উ + ঊ = ূ তৰু + ঊৰ্দ্ধ = তৰূৰ্দ্ধ
ঊ + উ = ূ বধূ + উন্নতি = বধূন্নতি
ঊ + ঊ = ূ ভূ + ঊৰ্দ্ধ = ভূৰ্দ্ধ
     
ঋ + ঋ = ৄ পিতৃ + ঋণ = পিতৄণ

 

 

২. ই সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে ই সবৰ্ণৰ আখৰ মৰি য হয়, সেই য (্য) আগৰ আখৰত যোগ হয়, আৰু পাচৰ স্বৰবৰ্ণ য (্য) ত যোগ হয় ।

 

ই, ঈ + আন স্বৰবৰ্ণ = ্য + আন স্বৰবৰ্ণ

প্ৰতি + এক = প্ৰত + ্য + ে + ক = প্ৰত্যেক

ইতি + আদি = ইত + ্য + া + দি = ইত্যাদি

প্ৰতি + উপকাৰ = প্ৰত + ্য + ু + পকাৰ = প্ৰত্যুপকাৰ

 

৩. উ সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে উ সবৰ্ণৰ আখৰ মৰি ব হয়, সেই ব (্ব) আগৰ আখৰত যোগ হয়, আৰু পাচৰ স্বৰবৰ্ণ ব (্ব) ত যোগ হয় ।

 

উ, ঊ + আন স্বৰবৰ্ণ = ্ব + আন স্বৰবৰ্ণ

অনু + অয় = অন + ্ব + য় = অন্বয়

অনু + এষণ = অন + ্ব + ে + ষণ = অন্বেষণ

সু + অস্তি = স + ্ব + স্তি = স্বস্তি

 

৪. ঋ কাৰৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে ঋ মৰি ৰ হয়, সেই ৰ (্ৰ) আগৰ আখৰত যোগ হয়, আৰু পাচৰ স্বৰবৰ্ণ ৰ (্ৰ) ত যোগ হয় ।

 

ঋ-কাৰ + আন স্বৰবৰ্ণ = ্ৰ + আন স্বৰবৰ্ণ

পিতৃ + অনুমতি = পিত + ্ৰ + নুমতি = পিত্ৰনুমতি

মাতৃ + আদেশ = মাত + ্ৰ + া + দেশ = মাত্ৰাদেশ

পিতৃ + আলয় = পিত + ্ৰ + া + লয় = পিত্ৰালয়

 

৫. অ সবৰ্ণৰ পাচত ই সবৰ্ণ থাকিলে দুয়ো মিলি এ হয়, আৰু সেই এ (ে) আগৰ আখৰত যোগ হয় ।

 

অ + ই/ঈ = এ (ে)

যথা + ইষ্ট = যথ + ে + ষ্ট = যথেষ্ট

গণ + ঈশ = গণ + ে + শ = গণেশ

 

৬. অ সবৰ্ণৰ পাচত উ সবৰ্ণ থাকিলে দুয়ো মিলি ও হয়, আৰু সেই ও (ো) আগৰ আখৰত যোগ হয় ।

 

অ + উ/ঊ = ও (ো)

ফল + উদয় = ফল + ো + দয় = ফলোদয়

যথা + উপযুক্ত = যথ + ো + পযুক্ত = যথোপযুক্ত

 

৭. অ সবৰ্ণৰ পাচত ঋ থাকিলে দুয়ো মিলি অৰ হয়, তাৰ অ আগৰ আখৰত যোগ হয় আৰু ৰ ৰেফ (ৰ্) হৈ পাচৰ আখৰৰ শিৰলৈ যায় । কিন্তু দুই পদৰ তুতীয় তৎপুৰুষ সমাস দুয়ো মিলি আৰ হয় তাৰ আ (া) আগৰ আখৰত যোগ হয় আৰু ৰ ৰেফ (ৰ্) হৈ পাচৰ আখৰৰ শিৰলৈ যায় ।

 

অ + ঋ = অৰ (অৰ্), আৰ (আৰ্)

দেৱ + ঋষি = দেৱ + অৰ্ + ষ + ি = দেৱৰ্ষি

মহা + ঋষি = মহা + অৰ্ + ষ + ি = মহৰ্ষি

শোক + ঋত = শোক + া + ৰ্ + ত = শোকাৰ্ত্ত

 

*ৰেফ্ যোগ হ’লে ক-বৰ্গৰ বৰ্ণ আৰু উষ্মবৰ্ণৰ বাদে প্ৰায় সকলো বৰ্ণৰ দ্বিত্ব হয় ।

 

৮. অ সবৰ্ণৰ পাচত এ বা ঐ থাকিলে দুয়ো মিলি ঐ হয়, আৰু সেই ঐ (ৈ) আগৰ আখৰত যোগ হয় ।

 

অ + এ/ঐ = ঐ (ৈ)

জন + এক = জন + ৈ + ক = জনৈক

মহা + ঐশ্বৰ্য্য = মহ + ৈ + শ্বৰ্য্য = মহৈশ্বৰ্য্য

 

৯. অ সবৰ্ণৰ পাচত ও বা ঔ থাকিলে দুয়ো মিলি ঔ হয়, আৰু সেই ঔ (ৌ) আগৰ আখৰত যোগ হয় ।

 

অ + ও/ঔ = ঔ (ৌ)

জল + ওকা = জল + ৌ + কা = জলৌকা

মহা + ঔষধ = মহ + ৌ + ষধ = মহৌষধ

 

১০. এ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, এ মৰি অয়্ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ য়-ত যোগ হয় ।

 

এ (ে) + স্বৰবৰ্ণ = অয়্

নে + অন = ন + য় + (অ)ন = নয়ন

শে + অন = শ + য় + (অ)ন = শয়ন

 

১১. ঐ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঐ মৰি আয়্ হয়, তাৰ আ (া) আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ য়-ত যোগ হয় ।

 

ঐ (ৈ) + স্বৰবৰ্ণ = আয়্

গৈ + অন = গ + া + য় + (অ)ন = গায়ন

নৈ + অক = ন + া + য় + (অ)ন = নায়ক

 

১২. ও-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ও মৰি অৱ্ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ ৱ-ত যোগ হয় ।

 

ও (ো) + স্বৰবৰ্ণ = অৱ্

পো + অন = প + ৱ + (অ)ন = পৱন

শ্ৰো + অন = শ্ৰ + ৱ + (অ)ন = শ্ৰৱণ   (ণত্ব বিধি অনুসাৰে দন্ত্য ন মূৰ্দ্ধ্য ণ হৈছে)

 

১৩. ঔ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঔ মৰি আৱ্ হয়, তাৰ আ (া) আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ ৱ-ত যোগ হয় ।

 

ঔ (ৌ) + স্বৰবৰ্ণ = আৱ্

নৌ + ইক = ন + া + ৱ + (ি)ক = নাৱিক

ভৌ + উক = ভ + া + ৱ + (ু)ক = ভাবুক