ক্ৰিয়া বিশেষণ

ক্ৰিয়াৰ গুণ, সময় বা ঠাই বুজাবলৈ যি বিশেষণ শব্দ ব্যৱহাৰ কৰা যায়, তাক ক্ৰিয়া-বিশেষণ পদ বোলে । যেনেঃ খৰকৈ বুলিবা, সোনকালে আহিবা, তালৈ নাযাবা ।

প্ৰচলিত ক্ৰিয়া-বিশেষণঃ-

অকস্মাৎ, অতি, অতিপাত, অতিশয়, অথনি, আকৌ, আগে, আগেয়ে, আচম্বিতে, আজি, কাচিত, কালি, কিয়, কেনি, কেনিবা, কেলৈ, কতবা, কদাচিত, যেনি, তেনি, তেন্তে, ততালিকে, দিনা, দিনৌ, দুনাই, ন, নিতৌ, নৌ, পাচে, পুনৰ, পুনৰায়, পৰহি, বৰং, মাথোন, সোনকালে, সদায়, হঠাৎ, হবলা ইত্যাদি ।

আন এটা ক্ৰিয়া-বিশেষণৰ গুণ বুজাবলৈ যি বিশেষণ শব্দ ব্যৱহাৰ কৰা যায়, তাকো ক্ৰিয়া-বিশেষণ বোলে ।
যেনেঃ বৰ খৰকৈ নপঢ়িবা । ইয়াত “বৰ” শব্দই “খৰকৈ” ক্ৰিয়া-বিশেষণৰ গুণ বুজাইছে । এতেকে সি ক্ৰিয়া-বিশেষণ ।

 

টোকাঃ

১. বিশেষণ শব্দত এ-কাৰ যোগ দিলে, সি ক্ৰিয়া বিশেষণ হয় ।

    উদাহৰণঃ

 কুশল + “ে” = কুশলে    কুশলে আছে
 অকলশৰ + “ে” = অকলশৰে    অকলশৰে নাযাবা

 

২. কোনো কোনো বিশেষণ আৰু বিশেষণ সৰ্ব্বনামত কৈ, ভাবে, ৰূপে, দৰে আদি শব্দ যোগ দিলে সি ক্ৰিয়া বিশেষণ হয় ।

    উদাহৰণঃ 

 এনে + কৈ = এনেকৈ    এনেকৈ লিখিবা
 ভাল + দৰে = ভালদৰে    ভালদৰে পঢ়িবা

 

৩. কেতিয়াবা বিশেষ্য শব্দত এ-কাৰ যোগ দিও ক্ৰিয়া-বিশেষণ কৰা হয় । এনেকুৱা ক্ৰিয়া-বিশেষণ প্ৰায় দুবাৰ উক্ত হয় । 

    উদাহৰণঃ 

 দিন + “ে” = দিনে    দিনে দিনে বাঢ়িছে
 মন + “ে” = মনে    মনে মনে পঢ়িছে
 কাণ + “ে” = কাণে    কাণে কাণে কোৱা

 

৪. অনুকাৰ শব্দত “আই” যোগ দিলে সি ক্ৰিয়া-বিশেষণ হয় । 

    উদাহৰণঃ 

 টপৰ + আই = টপৰাই    টপৰাই কৈছিল
 গিৰিস + আই = গিৰিসাই    গিৰসাই পৰিল

 

৫. অথনি আৰু কালি কেৱল অতীত কালৰ ক্ৰিয়াৰ লগত ব্যৱহাৰ হয় । ভৱিষ্যৎ কালৰ ক্ৰিয়াৰ লগত অথনি, অথনিকৈ আৰু কালি, কালিলৈ ব্যৱহাৰ হয় ।

    উদাহৰণঃ 

 অথনি আহিল    অথনিকৈ আহিব
 কালি গ’ল    কালিলৈ যাব

 

৬. এই বা সেই বিশেষণ-সৰ্ব্বনামৰ পাছত “পৰিমিত” শব্দ থাকিলে সি ক্ৰিয়া-বিশেষণ হয় । যেনেঃ সি এই পৰিমিত কামত হাত দিয়া নাই ।