সম্বোধনাৰ্থক অব্যয়
যিবিলাক অব্যয় শব্দ আন লোকক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনাৰ্থক অব্যয় বোলে । এ, ঐ, ঔ, হে, অ, হেৰ, হেৰা, হেৰি, হঁয়ে, হঁয়েৰা ইত্যাদি সম্বোধনাৰ্থক অব্যয় শব্দ ।
উদাহৰণঃ
এ : হৰি এ ।
ঔ : ধনীৰাম ঔ ।
টোকাঃ
১. এ, হে দুয়োটা শব্দৰ আগত বা পাছত ব্যৱহাৰ হয় । যেনেঃ হে হৰি, হৰি হে ।
২. দূৰৈৰ মানুহক মাতোঁতে বা ৰিঙিয়াওঁতে অ আৰু ঔ ব্যৱহাৰ হয় । অ প্ৰায়েই শব্দৰ আগত থকে, আৰু ঔ পাছত থাকে । যেনেঃ অ কণপিতৌ, কণপিতৌ ঔ ।
৩. ঐ সদায় শব্দৰ আগত থককে । যেনেঃ ঐ ল’ৰা । ঐ সাধাৰণতে অনাদৰ বা তুচ্ছাৰ্থত ব্যৱহাৰ হয় ।
৪. অনাদৰ বা তুচ্ছাৰ্থত ব্যৱহাৰ হয় হেৰ ব্যৱহাৰ হয় । সমনীয়া লোকক বা ল’ৰাক সাদৰৰে মাতোঁতে হেৰা আৰু সম্ভ্ৰম দেখুৱাই সম্বোধন কৰোঁতে হেৰি ব্যৱহাৰ হয় । যেনেঃ হেৰ ! ধনীৰাম, হেৰা ! সখি, হেৰা ! পোনাকণ, হেৰি ! ডাঙৰীয়া ।
৫. সাধাৰণতে অব্যয় শব্দৰ লিঙ্গ নাথাকিলেও হেৰ অব্যয়ৰ লিঙ্গ আছে । ই স্ত্ৰীলিঙ্গত হঁয়, হঁয়ে বা হঁয়েৰা হয় । যেনেঃ হঁয়ে মালতী । *হঁয়েৰা অব্যয় নিন্দাসূচক, অৰ্থাৎ তাত নিন্দাৰ ভাৱ থাকে । যেনেঃ হঁয়েৰা ৰচকি, হঁয়েৰা নিলাজি ।