যোজক অব্যয়
যিবিলাক অব্যয় শব্দই এটা বা সৰহ পদ বা বাক্য যোগ কৰে, সিহঁতক যোজক অব্যয় বোলে ।
উদাহৰণঃ
আৰু : মই আৰু ৰাম বৰ ভাল বন্ধু হয় ।
অথচ : তুমি কৈছিলা অথচ মই পাহৰিলোঁ ।
গতিকে : তুমি আহিলা গতিকে মই যাওঁ ।
টোকাঃ
১. কাৰণে, নিমিত্তে, হেতু, হেতুকে আৰু দেখি অব্যয় শব্দৰ আগত সদায় এই, সেই, কি, যি বিশেষণ সৰ্ব্বনাম ব্যৱহাৰ হয় ।
উদাহৰণঃ
কাৰণে : এই কাৰণে মই তোমাক ভাল পাওঁ ।
হেতুকে : সেই হেতুকে সি পলাল ।
২. ও এটা যোজক অব্যয় । ই বাক্যত গুটীয়া শব্দ হৈ নবহে । ব্যঞ্জনান্ত শব্দৰ পাছত ভিলে ও শব্দটোৰ শেষ ব্যঞ্জনত যোগ হয় ।
উদাহৰণঃ
মানুহ + ও = মানুহো : মানুহো মৰণশীল ।
বান্দৰ + ও = বান্দৰো : বান্দৰো মানুহৰ দৰে চতুৰ ।
কিন্তু ও এটা স্বৰবৰ্ণ । সেয়েহে ইয়াক আন এটা স্বৰবৰ্ণৰ লগত যোগ দিব নোৱাৰি । সেই দেখি শব্দৰ সেষত থকা গুটীয়া স্বৰবৰ্ণক, তাক তাৰ নিচিনা উচ্চাৰণ হোৱা কোনো ব্যঞ্জনবৰ্ণত পৰিণত কৰি লৈ সেই ব্যঞ্জনবৰ্ণত ও যোগ দিয়া হয় ।
উদাহৰণঃ
মই + ও = ময়ো (ইয়াত “ই” ৰ ঠাইত “য়” ব্যৱহাৰ হৈছে )
স্বৰান্ত শব্দৰ পাছত বহিলে ও শব্দটোৰ শেষ বৰ্ণ হৈ থাকে ।
উদাহৰণঃ
পুথি + ও = পুথিও : সি পুথিও পঢ়িব পাৰে ।
মানুহে + ও = মানুহেও : মানুহেও দৌৰিব পাৰে ।