ব্যঞ্জনবৰ্ণ

যিবিলাক ধ্বনি নিজে সম্পূৰ্ণৰূপে উচ্চাৰিত হ’ব নোৱাৰে, সদায় স্বৰবৰ্ণৰ সহায় লৈ উচ্চাৰিত হয়, সিহঁতক ব্যঞ্জনবৰ্ণ বোলে । অসমীয়া ভাষাত মূলত ৩৪ টা স্বৰবৰ্ণৰ প্ৰয়োগ আছে ।

সেইকেইটা হ’ল –

 

 
ক্ষ

ব্যঞ্জনবৰ্ণ বৰ্ণৰ ভাগ

ব্যঞ্জনবৰ্ণ সমূহক তলত দিয়া ধৰণে বিভিন্ন ভাগত ভগাব পাৰি –

স্পৰ্শবৰ্ণ

যি ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে জিভাৰ কোনো এটা অংশই মুখৰ কোনো এটা অংশক স্পৰ্শ নকৰাকৈ নোৱাৰে তেনে ব্যঞ্জনবৰ্ণক স্পৰ্শবৰ্ণ বোলে । স্পৰ্শবৰ্ণসমূহক পাঁচ ভাগত ভাগ কৰা হৈছে । তাৰ একোটা ভাগক বৰ্গ বোলা হয় ।

স্পৰ্শবৰ্ণসমূহ হ’ল –

 

- ক বৰ্গ
- চ বৰ্গ
- ট বৰ্গ
- ত বৰ্গ
- প বৰ্গ

 

প্ৰত্যেক স্পৰ্শবৰ্ণ এই বৰ্গবিলাকৰ এটা নহয় এটাএ ভিতৰত পৰে, সেই দেখি সিহঁতক বৰ্গীয় বৰ্ণও বোলে ।

উষ্মবৰ্ণ

যি ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম অৰ্থাৎ তপত হৈ ওলায়, তেনে ব্যঞ্জনবৰ্ণক উষ্মবৰ্ণ বোলে ।

উষ্মবৰ্ণসমূহ হ’ল –

 

অন্তঃস্থবৰ্ণ

যিবোৰ ব্যঞ্জনবৰ্ণ স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ মধ্যত আছে, সিহঁতক অন্তঃস্থবৰ্ণ বোলে ।

অন্তঃস্থবৰ্ণসমূহ হ’ল –