উপসৰ্গ

উপসৰ্গ এবিধ অব্যয় শব্দ মাথোন । উপসৰ্গ মূঠ কুৰিটা । সেই কেইটা হ’ল - প্ৰ, পৰা, অপ, সং, নি, অৱ, অনু, নিৰ্, দুৰ্, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ ।

 

টোকাঃ

নিৰ্, দুৰ্ উপসৰ্গৰ অন্তত থকা ‘ৰ’ সদায় বিসৰ্গৰ আকাৰত থাকে । যেনেঃ নিঃ, দুঃ ।

 

উপসৰ্গ অৰ্থ উদাহৰণ
প্ৰ অতিশয়, উত্তম, আগত যোৱা ইত্যাদি প্ৰকাৰ, প্ৰমাণ, প্ৰচলিত, প্ৰবীণ, প্ৰণালী, প্ৰক্ৰিয়া, প্ৰণয়, প্ৰণীত, প্ৰধান
পৰা শ্ৰেষ্ঠ হোৱা, অপমান দিয়া, ভঙ্গ ইত্যাদি পৰাভৱ, পৰাজয়, পৰামৰ্শ, পৰাক্ৰম, পৰাধীন
অপ বেয়া, নিকৃষ্ট, বিৰুদ্ধ, ভিন ইত্যাদি অপকাৰ, অপমান, অপবাদ, অপচয়, অপব্যয়, অপৰূপ
সম সকলো, একেলগে, উত্তম ইত্যাদি সংসৃষ্ট, সংসৰ্গ, সংস্কৃত, সংযোগ, সংলগ্ন, সংস্কাৰ
নি অভাৱ, ভিতৰ, ওপৰ, নিশ্চয় ইত্যাদি নিদাৰুণ, নিকৰুণ, নিধি, নিহত, নিধান, নিলয়
অব্ বেয়া, দূৰ, কম, অধোগতি ইত্যাদি অবধান, অবহিত, অবমাননা, অৱসৰ, অৱতৰণ
অনু নীহ, পাচ, সমান ইত্যাদি অনুসাৰে, অনুচৰ, অনুগামী, অনুমান, অনুশীলন, অনুগত, অনুৰোধ
নিৰ্ নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি নিৰ্দ্দয়, নিৰ্ম্মাণ, নিৰ্ম্মল, নিৰ্গুণ, নিৰ্ব্বাণ, নিৰ্ণয়, নিৰ্ব্বলী
দুৰ্ উত্তম, বেয়া, হীন, অন্য ইত্যাদি দুৰ্ম্মতি, দুৰ্গতি, দুৰ্ল্লভ, দুৰ্দ্ধৰ্ষ, দুৰ্ণাম, দুৰ্যশ, দুৰ্ব্বলী, দুৰ্জ্জয়
বি বেয়া, শেষ, বিৰুদ্ধে ইত্যাদি বিপদ, বিনাশ, বিদায়, বিকাৰ, বিলয়, বিনয়, বিপৰীত, বিকশিত
অধি ঘাই, ওপৰ ইত্যাদি অধিকাৰ, অধ্যয়ন, অধ্যবসায়, অধিবাস
সু ভাল, উজু, অতিশয় ইত্যাদি সুদৰ্শন, সুনীতি, সুকৰ্ম্ম, সুযোগ, সুলভ, সুগম, সুকৰ
উৎ শ্ৰেষ্ঠ, উৰ্দ্ধ ইত্যাদি উন্নতি, উদ্ধাৰ, উদ্ধৱ, উচ্চাৰণ, উৎকৃষ্ট, উৎপাত, উদ্ধত, উদ্‌গাৰ
পৰি সৰ্ব্বত্ৰ, কেউপিনে, চৌপাশে, অতিশয় ইত্যাদি পৰিমাণ, পৰাতাপ, পৰিণাম, পৰিধান, পৰিচয়, পৰিণয়, পৰিপাটি
প্ৰতি সমান, সমুখ, বিৰুদ্ধে, গাই গাই ইত্যাদি প্ৰতিকাৰ, প্ৰতিপন্ন, প্ৰত্যয়, প্ৰতিপদ, প্ৰতিবাদী, প্ৰত্যাগমন
অভি সমুখ, ঘাই, ওচৰ ইত্যাদি অভিশাপ, অভিমান, অভিবাদন, অভিলাষ, অভিৰুচি, অভ্যুদয়, অভিজ্ঞ
অপি ওপৰ, সন্দেহ ইত্যাদি অপিচ, অপিধান
অতি অধিক, ঘাই ইত্যাদি অতিশয়, অতিক্ৰম, অতিথি, অতিৰিক্ত, অতীত
উপ সামান্য, ওচৰ, প্ৰায়, তুল্য ইত্যাদি উপসাৰ, উপসৰ্গ, উপমা, উপযুক্ত, উপন্যাস, উপদেশ
অলপ, পৰ্য্যন্ত, অবধি, পুনৰ, সৰু ইত্যাদি আপত্তি, আপদ, আপাততঃ, আপ্যায়িত, আভৰণ, আভা, আবদ্ধ