ব্যঞ্জন সন্ধি
ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে ।
যেনেঃ উৎ + লাস = উল্লাস ।
ব্যঞ্জন সন্ধিৰ নিয়মসমূহ
প্ৰথম শব্দৰ শেষ বৰ্ণ | দ্বিতীয় শব্দৰ আদি বৰ্ণ | সন্ধিত বৰ্ণ | উদাহৰণ | |
চ্ বা জ্ | ন | ন্ মৰি ঞ যোগ হয় |
যাচ্ + না = যাচ্ঞা যজ্ + ন্ = যজ্ঞ |
|
ব্যঞ্জন বৰ্ণ | ছ |
আগৰ পদৰ শেষত চ্ যোগ হয় |
গৃহ + ছিদ্ৰ = গৃহচ্ছিদ্ৰ |
|
ত্ বা দ্ | চ বা ছ |
ত্ মৰি চ্ হয় দ্ মৰি চ্ হয় |
উৎ + চাৰণ = উচ্চাৰণ উৎ + ছেদ = উচ্ছেদ বিপদ + চিন্তা = বিপচ্চিন্তা |
|
ত্ বা দ্ | জ বা ঝ |
ত্ মৰি জ্ হয় দ্ মৰি জ্ হয় |
উৎ + জল = উজ্জল মহৎ + ঝনৎকাৰ = মহজ্ঝনৎকাৰ তদ্ + জন্য = তজ্জন্য |
|
ত্ বা দ্ | ট বা ঠ |
ত্ মৰি ট্ হয় দ্ মৰি ট্ হয় |
মহৎ + টঙ্কাৰ = মহট্ঙ্কাৰ ভবৎ + ঠক্কুৰ = ভবট্ঠক্কুৰ |
|
ত্ বা দ্ | ড বা ঢ |
ত্ মৰি ড্ হয় দ্ মৰি ড্ হয় |
উৎ + ডীন = উড্ডীন মহৎ + ঢাল = মহড্ঢাল |
|
ত্ বা দ্ | ল |
ত্ মৰি ল্ হয় দ্ মৰি ল্ হয় |
উৎ + লাস = উল্লাস উৎ + লিখিত = উল্লিখিত |
|
ত্ বা দ্ | শ |
ত্ মৰি চ্ হয় দ্ মৰি চ্ হয় শ মৰি ছ হয় |
শৰৎ + শশী = শৰচ্ছশী মহৎ + শঙ্কট = মহচ্ছঙ্কট বিপদ + শান্তি = বিপচ্ছান্তি |
|
ত্ | হ |
ত্ মৰি দ্ হয় হ মৰি ধ হয় |
উৎ + হত = উদ্ধত উৎ + হাৰ = উদ্ধাৰ |
|
দ্ | হ |
হ মৰি ধ হয় |
তদ্ + হিত = তদ্ধিত বিপদ + হেতু = বিপদ্ধেতু |
|
ষ্ | ত বা থ |
ত মৰি ট হয় থ মৰি ঠ হয় |
উৎকৃষ + ত = উৎকৃষ্ট প্ৰবিষ্ + ত = প্ৰবিষ্ট ষষ্ + থ = ষষ্ঠ |
|
ক্ | ন বা ম |
ক্ মৰি ঙ্ হয় |
বাক্ + ময় = বাঙ্ময় প্ৰাক্ + মুখ = প্ৰাঙ্মুখ |
|
ত্ | ন বা ম |
ত্ মৰি ন্ হয় |
উৎ + নতি = উন্নতি জগৎ + নাথ = জগন্নাথ |
|
ঢ়্ | ঢ়্ |
আগৰ ঢ়্ লোপ পায় |
মূঢ় + ঢ় = মূঢ় |
|
ব্যঞ্জন বৰ্ণ |
স্বৰবৰ্ণ |
বৰ্গৰ প্ৰথম বৰ্ণ মৰি তৃতীয় বৰ্ণ হয় |
দিক্ + অন্ত = দিগন্ত বাক্ + ঈশ = বাগীশ নিচ্ + অন্ত = নিজন্ত ষট্ + আনন = ষড়ানন জগৎ + ঈশ্বৰ = জগদীশ্বৰ |
|
ব্যঞ্জন বৰ্ণ |
বৰ্গৰ তৃতীয় বা চতুৰ্থ বৰ্ণ গ, ঘ, জ, ঝ, ড, ঢ, দ, ধ ব, ভ আদি । |
বৰ্গৰ প্ৰথম বৰ্ণ মৰি তৃতীয় বৰ্ণ হয় |
দিক্ + গজ = দিগ্গজ অপ্ + দ = অব্দ |
|
ব্যঞ্জন বৰ্ণ |
ধ্, ৰ্, ল্, ৱ, হ্ |
বৰ্গৰ প্ৰথম বৰ্ণ মৰি তৃতীয় বৰ্ণ হয় |
বৃহৎ + ৰথ = বৃহদ্ৰথ |
আন নিয়ম সমূহ
১. উৎ শব্দ আগত থাকিলে স্থা আৰু স্তনভ ধাতুৰ স্ লোপ হয় ।
যেনেঃ উৎ + স্থান = উত্থান, উৎ + স্তনভ = উত্তনভ ।
২. কাম শব্দ পাচত থাকি সমাস হ’লে তুম্ প্ৰত্যয়ৰ ম্ আৰু সম্ শব্দৰ ম্ লোপ হয় ।
যেনেঃ গন্তুম্ + কাম = গন্তুকাম, সম্ + কাম = সকাম ।
৩. ব্যঞ্জন বৰ্ণ আদিত থকা কোনো পদ পাচত থাকিলে, দিব্ শব্দৰ ঠাইত দ্যু হয় ।
যেনেঃ দিব্ + লোক = দ্যুলোক ।
৪. কৃ ধাতুৰ আগত সম্ বা পৰি উপসৰ্গ থাকিলে, সেই ধাতুৰ আগত এটা স হয় ।
যেনেঃ সম্ + কৃত = সংস্কৃত, পৰিঃ + কাৰ = পৰিস্কাৰ বা ষত্ব বিধি মতে পৰিষ্কাৰ ।
৫. আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জন বৰ্ণ পাচৰ স্বৰবৰ্ণ বা স্বৰযুক্ত ব্যঞ্জনত সদায় যোগ হয় ।
যেনেঃ ঘৰ্ + অৰ = ঘৰৰ, মানুহ + অক = মানুহক, বছৰ + এক = বছৰেক, হাত্ + এৰে = হাতেৰে, সম্ + বাদ = সম্বাদ ইত্যাদি ।