কালবোধক সৰ্ব্বনাম

যিবিলাক সৰ্ব্বনাম শব্দই সময় বুজায়, সিহঁতক কালবোধক সৰ্ব্বনাম বোলে ।

 

উদাহৰণঃ

এতিয়া : এতিয়া মই যাওঁ ।

তেতিয়া : তেতিয়া তই ক’ত আছিলি ?

কালি : সি কালি গ’ল ।

 

টোকাঃ

কালবোধক সৰ্ব্বনাম দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী আৰু ষষ্ঠী বিভক্তিত ব্যৱহাৰ হয় ।

দ্বিতীয়া : (অক) - আজিক বাদ দি মই সদায় আহিব পাৰিম ।

তৃতীয়া : (এৰে) - এতিয়াৰে পৰা কথাটো মনত ৰাখিবা ।

চতুৰ্থী : (অলৈ) - এতিয়ালৈ মই নাজানোঁ ।

পঞ্চমী : (পৰা) - এতিয়াৰ পৰা কথাটো মনত ৰাখিবা ।

ষষ্ঠী : (অৰ) - তেতিয়াৰ কথা বেলেগ আছিল ।

 

বিভক্তি যোগ নহ’লে কালবোধক সৰ্ব্বনাম ক্ৰিয়া-বিশেষণ হয় । যেনেঃ সি কালি গ’ল ।