পদ - সৰ্ব্বনাম

বিশেষ্য পদ ঘনেপতি ব্যৱহাৰ নকৰিবৰ নিমিত্তে তাৰ সলনি যি শব্দ ব্যৱহাৰ হয় তাক সৰ্ব্বনাম বোলে । সৰ্ব্বনাম চাৰিবিধঃ স্থানবোধক সৰ্ব্বনাম, কালবোধক সৰ্ব্বনাম, বিশষণ সৰ্ব্বনা‌ম আৰু ব্যক্তিবোধক সৰ্ব্বনাম ।

পুৰুষ

ব্যক্তিবোধক সৰ্ব্বনামৰ তিনি পুৰুষঃ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ । 

 

পুৰুষ সংজ্ঞা সৰ্ব্বনাম
প্ৰথম পুৰুষ যি কয়, সি প্ৰথম পুৰুষ । মই
দ্বিতীয় পুৰুষ যাক কোৱা যায়, সি দ্বিতীয় পুৰুষ । তই, তুমি
তৃতীয় পুৰুষ যাৰ কথা বা যাৰ বিষয়ে কোৱা যায়, সি তৃতীয় পুৰুষ । ই, সি, যি, তেওঁ,  এওঁ, কেওঁ, কোন, কোনো, কোনোবা, যিহ্, কিহ্

 

টোকাঃ

১. দ্বিতীয় পুৰুষত তই সৰ্ব্বনাম অনাদৰত আৰু তুমি সৰ্ব্বনাম আদৰত ব্যৱহাৰ হয় ।

২. তৃতীয় পুৰুষত সি আৰু ই অনাদৰত আনহাতে তেওঁ আৰু এওঁ আদৰত ব্যৱহাৰ হয় ।

৩. ই আৰু সি, এই দুই সৰ্ব্বনামৰ লিঙ্গ আছে । পুং আৰু ক্লীৱলিঙ্গত ই আৰু স্ত্ৰীলিঙ্গত এই হয় । সেইদৰে পুং আৰু ক্লীৱলিঙ্গত সি আৰু স্ত্ৰীলিঙ্গত তাই হয় ।

৪. বিশেষ্যৰ নিচিনা ব্যক্তিবোধক সৰ্ব্বনামৰো বচন আছে । হঁত, লোক, বোৰ, বিলাক আদি বহুবচন চিন যোগ দি সিহঁতৰ বহুবচন কৰা হয় । যেনেঃ ইহঁত, সিঁহত, এওঁলোক, তেওঁলোক ইত্যাদি ।

বিভক্তি অনুসাৰে ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপ

প্ৰথম পুৰুষৰ সৰ্ব্বনাম - মই (পুং আৰু স্ত্ৰী দুয়ো লিঙ্গত)

প্ৰথমা বিভক্তিৰ একবচনৰ বাহিৰে আন ঠাইত “মই” একবচনত “মো” আৰু বহুবচনত “আমা” হয় । ইয়াৰ বহুবচন কৰিবলৈ কেতিয়াবা “লোক” চিন যোগ দিয়া হয় । কিন্তু নতুন যুগত এই চিন নিদিয়াকৈও ইয়াৰ বহুবচন হয় ।

    পুং লিঙ্গ স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন একবচন বহুবচন
প্ৰথমা মই আমি মই আমি
দ্বিতীয়া অক মোক আমাক মোক আমাক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায়

মোৰে, মোকেদি, মোৰ দ্বাৰা, মোৰ দ্বাৰায়

আমাৰে, আমাকদি, আমাৰ দ্বাৰা, আমাৰ দ্বাৰায় মোৰে, মোকেদি, মোৰ দ্বাৰা, মোৰ দ্বাৰায় আমাৰে, আমাকদি, আমাৰ দ্বাৰা, আমাৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক মোলৈ, মোক আমালৈ, আমাক মোলৈ, মোক আমালৈ, আমাক
পঞ্চমী পৰা মোৰ পৰা আমাৰ পৰা মোৰ পৰা আমাৰ পৰা
ষষ্ঠী অৰ মোৰ আমাৰ মোৰ আমাৰ
সপ্তমী অত মোত আমাত মোত আমাত

 

দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম - তই (পুং আৰু স্ত্ৰী দুয়ো লিঙ্গত)

প্ৰথমা বিভক্তিৰ একবচনৰ বাহিৰে আন ঠাইত “তই” একবচনত “তো” আৰু বহুবচনত “ত” হয় । ইয়াৰ বহুবচন কৰিবলৈ কেতিয়াবা “হঁত” চিন যোগ দিয়া হয় ।

    পুং লিঙ্গ স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন একবচন বহুবচন
প্ৰথমা তই তহঁতে তই তহঁতে
দ্বিতীয়া অক তোক তহঁতক তোক তহঁতক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায়

তোৰে, তোকেদি, তোৰ দ্বাৰা, তোৰ দ্বাৰায়

তহঁতৰে, তহঁতকদি, তহঁতেদি, তহঁতৰ দ্বাৰা, তহঁতৰ দ্বাৰায় তোৰে, তোকেদি, তোৰ দ্বাৰা, তোৰ দ্বাৰায় তহঁতৰে, তহঁতকদি, তহঁতেদি, তহঁতৰ দ্বাৰা, তহঁতৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক তোলৈ, তোক তহঁতলৈ, তহঁতক তোলৈ, তোক তহঁতলৈ, তহঁতক
পঞ্চমী পৰা তোৰ পৰা তহঁতৰ পৰা তোৰ পৰা তহঁতৰ পৰা
ষষ্ঠী অৰ তোৰ তহঁতৰ তোৰ তহঁতৰ
সপ্তমী অত তোত তহঁত তোত তহঁত

 

দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম - তুমি (পুং আৰু স্ত্ৰী দুয়ো লিঙ্গত)

প্ৰথমা বিভক্তিৰ বহুবচনত আৰু আন বিভক্তিৰ দুয়োবচনত “তুমি” “তোমা” হয়, আৰু “লোক” যোগ দি ইয়াৰ বহুবচন কৰা হয় । 

    পুং লিঙ্গ / স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা তুমি তোমালোকে
দ্বিতীয়া অক তোমাক তোমালোকক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায়

তোমাৰে, তোমাকদি, তোমাৰ দ্বাৰা, তোমাৰ দ্বাৰায়

তোমালোকৰে, তোমালোককদি, তোমালোকেদি, তোমালোকৰ দ্বাৰা, তোমালোকৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক তোমালৈ, তোমাক তোমালোকলৈ, তোমালোকক
পঞ্চমী পৰা তোমাৰ পৰা তোমালোকৰ পৰা
ষষ্ঠী অৰ তোমাৰ তোমালোকৰ
সপ্তমী অত তোমাত তোমালোকত

 

তৃতীয় পুৰুষৰ সৰ্ব্বনাম - ই (পুং আৰু ক্লীৱ লিঙ্গত)

প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত “ই” একবচনত “ইয়া” হয়, আৰু “হঁত” যোগ দি ইয়াৰ বহুবচন কৰা হয় ।

    পুং লিঙ্গ / ক্লীৱ লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা ইহঁতে
দ্বিতীয়া অক ইয়াক ইহঁতক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায়

ইয়াৰে, ইয়াকদি, ইয়াৰ দ্বাৰা, ইয়াৰ দ্বাৰায়

ইহঁতেৰে, ইহঁতকদি, ইহঁতৰ দ্বাৰা, ইহঁতৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক ইয়ালৈ, ইয়াক ইহঁতলৈ, ইহঁতক
পঞ্চমী পৰা ইয়াৰ পৰা ইহঁতৰ পৰা
ষষ্ঠী অৰ ইয়াৰ ইহঁতৰ
সপ্তমী অত ইয়াত ইহঁতত

 

তৃতীয় পুৰুষৰ সৰ্ব্বনাম - এই (স্ত্ৰী লিঙ্গত)

“হঁত” যোগ দি ইয়াৰ বহুবচন কৰা হয় ।

    স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা এই এইহঁতে
দ্বিতীয়া অক এইক এইহঁতক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায় এইৰে, এইদি, এইৰ দ্বাৰা, এইৰ দ্বাৰায় এইহঁতৰে, এইহঁতেদি, এইহঁতৰ দ্বাৰা, এইহঁতৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক এইলৈ, এইক এইহঁতলৈ, এইহঁতক
পঞ্চমী পৰা এইৰ পৰা এইহঁতৰ পৰা
ষষ্ঠী অৰ এইৰ এইহঁতৰ
সপ্তমী অত এইত এইহঁতত

 

তৃতীয় পুৰুষৰ সৰ্ব্বনাম - সি (পুং আৰু ক্লীৱ লিঙ্গত)

প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত “সি” একবচনত “তা” হয়, আৰু “হঁত” যোগ দি ইয়াৰ বহুবচন কৰা হয় । * কেতিয়াবা বহুবচনত “তা” নহৈও থাকে ।

    পুং লিঙ্গ / ক্লীৱ লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা সি সিহঁতে, তাহঁতে
দ্বিতীয়া অক তাক সিহঁতক, তাহাঁতক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায়

তাৰে, তাকেদি, তাৰ দ্বাৰা, তাৰ দ্বাৰায়

সিহঁতেৰে, সিহঁতকদি, তাহাঁতৰ দ্বাৰা, তাহাঁতৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক তালৈ, তাক সিহঁতলৈ, সিহঁতক, তাহাঁতলৈ, তাহাঁতক
পঞ্চমী পৰা তাৰ পৰা সিহঁতৰ পৰা, তাহাঁতৰ পৰা
ষষ্ঠী অৰ তাৰ সিহঁতৰ, তাহাঁতৰ
সপ্তমী অত তাত সিহঁতত, তাহাঁতত

 

তৃতীয় পুৰুষৰ সৰ্ব্বনাম - তাই (স্ত্ৰী লিঙ্গত)

“হঁত” যোগ দি ইয়াৰ বহুবচন কৰা হয় ।

    স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা তাই তাইহঁতে
দ্বিতীয়া অক তাইক তাইহঁতক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায় তাইৰে, তাইকদি, তাইৰ দ্বাৰা, তাইৰ দ্বাৰায় তাইহঁতৰে, তাইহঁতেদি, তাইহঁতৰ দ্বাৰা, তাইহঁতৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক তাইলৈ, তাইক তাইহঁতলৈ, তাইহঁতক
পঞ্চমী পৰা তাইৰ পৰা তাইহঁতৰ পৰা
ষষ্ঠী অৰ তাইৰ তাইহঁতৰ
সপ্তমী অত তাইত তাইহঁতত

 

তৃতীয় পুৰুষৰ সৰ্ব্বনাম - এওঁ (পুং আৰু স্ত্ৰী দুয়ো লিঙ্গত)

“লোক” বা “বিলাক”যোগ দি ইয়াৰ বহুবচন কৰা হয় ।

    পুং লিঙ্গ / স্ত্ৰী লিঙ্গ
বিভক্তি বিভক্তি চিন একবচন বহুবচন
প্ৰথমা এওঁ এওঁবিলাক
দ্বিতীয়া অক এওঁক এওঁবিলাকক
তৃতীয়া এৰে, এদি, দ্বাৰা, দ্বাৰায় এওঁৰে, এওঁদি, এওঁৰ দ্বাৰা, এওঁৰ দ্বাৰায় এওঁবিলাকেৰে, এওঁবিলাকেদি, এওঁবিলাকৰ দ্বাৰা, এওঁবিলাকৰ দ্বাৰায়
চতুৰ্থী অলৈ, অক এওঁলৈ, এওঁক এওঁবিলাকলৈ, এওঁবিলাকক
পঞ্চমী পৰা এওঁৰ পৰা এওঁবিলাকৰ পৰা
ষষ্ঠী অৰ এওঁৰ এওঁবিলাকৰ
সপ্তমী অত এওঁত এওঁবিলাকত