প্ৰশ্নাৰ্থক অব্যয়

যিবিলাক অব্যয় শব্দই প্ৰশ্ন কৰা বুজায়, সিহঁতক প্ৰশ্নাৰ্থক অব্যয় বোলে । প্ৰশ্নাৰ্থক অব্য শব্দ সমূহ হ’লঃ নে, নো জানো ।

উদাহৰণঃ

নে : সি যাব নে ?

 

টোকাঃ

১. নে প্ৰশ্নাৰ্থক অব্যয় প্ৰায় ক্ৰিয়াৰ শেষত বহে । যেনেঃ সি পঢ়িব নে ? তই যাবি নে ?

২. নো প্ৰশ্নাৰ্থক অব্যয় প্ৰায় কৰ্ত্তাৰ পাছত বহে । যেনেঃ সি নো কি কয় ? তাই নো ক’ত থাকে ?

৩. কেতিয়াবা একেটা বাক্যত নে আৰু নো দুয়োটা অব্যয় শব্দ ব্যৱহাৰ হয় । তেতিয়া কথাটোত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নথকা বুজায় । যেনেঃ সি নো যাব নে ? (ইয়াত সি যে যাব এই কথাত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নোহোৱা বুজািছে)

৪. জানো প্ৰশ্নাৰ্থক অব্যয় কৰ্ত্তা বা ক্ৰিয়াৰ পাছত ব্যৱহাৰ হয় । যেনেঃ তাই জানো বিদেশলৈ যাব ? তাই বিদেশলৈ যাব জানো ?