অনুৰূপ শব্দ

আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয় । এনেকুৱা শব্দবিলাকক অনুৰূপ শব্দ বোলে । অনুৰূপ শব্দটো তাৰ আচল শব্দটোৰ নিচিনা, কেৱল তাৰ আদি বৰ্ণটো মাথোন বেলেগ হয় । যেনেঃ ঘৰ চৰ, ইনাই বিনাই ।

অনুৰূপ শব্দ মুঠ তিনিবিধঃ অনুকাৰ, একশেষ আৰু অনিয়মিত ।

 

অনুকাৰ অনুৰূপ

অনুকাৰ অনুৰূপ শব্দবিলাকৰ ভিতৰত যিবিলাক আচল শব্দৰ পাছত থাকে, সিহঁত প্ৰায়ে “চ”-ৰে আৰম্ভ হয়; কেতিয়াবা “ট”-ৰেও আৰম্ভ হয় । যেনেঃ ঘৰ চৰ, চাউল টাউল, ছাগলী টাগলী ।

অনুকাৰ অনুৰূপ শব্দটো আচল শব্দৰ আগত থাকিলে, আচল শব্দৰ আদিত যি স্বৰ থাকে, অনুৰূপ শব্দ সেই স্বৰেৰেই আৰম্ভ হয় । যেনেঃ ইনাই বিনাই, অকাই পকাই, আকলি বাকলি ।

 

একশেষ অনুৰূপ

অনুৰূপ শব্দটোত আচল শব্দটোৰ এটা আখৰ মাথোন লোৱা হয়, সেই দেখি এইবিধ অনুৰূপ শব্দক একশেষ অনুৰূপ শব্দ বোলা হৈছে । আচল শব্দটোৰ আদি ব্যঞ্জনবৰ্ণটোৱই তাৰ একশেষ অনুৰূপ শব্দ হয় । সেই বৰ্ণত প্ৰায় আ-কাৰ যোগ হয় । কেতিয়াবা অন্য স্বৰবৰ্ণও যোগ হোৱা দেখা যায় । একশেষ অনুৰূপ শব্দ আৰু আচল শব্দ ইহঁত দুইৰো মাজত এটা একশেষ চিন থাকে ।

উদাহৰণঃ

বা-বাতৰি, জা-জলপান, পা-পইচা ।

 

অনিয়মিত বা যুৰীয়া অনুৰূপ শব্দ

যিবিলাক অনুৰূপ শব্দ গঠন কৰিবৰ কোনো নিয়ম নাই, তেনেবোৰ অনুৰূপ শব্দক অনিয়মিত অনুৰূপ শব্দ বোলে । বিশেষ বিশেষ আচল শব্দত বিশেষ বিশেষ অনুৰূপ শব্দ ব্যৱহাৰ হয় । এইবিধ অনুৰূপ শব্দক যোৰ ভাঙ্গি ব্যৱহাৰ কৰিব নোৱাৰি, যি আচল শব্দৰ লগত যি অনুৰূপ শব্দ প্ৰচলিত আছে তাকহে ব্যৱহাৰ কৰিব পাৰি, সেই দেখি সিহঁতক যুৰীয়া অনুৰূপ শব্দও বোলা হয় ।

উদাহৰণঃ

তেল কুৰ, ৰূপ বান, ৰাজহ ততহ