বিশেষণ সৰ্ব্বনাম
যিবিলাক সৰ্ব্বনাম শব্দই সংজ্ঞা শব্দবিলাকৰ ভিতৰত প্ৰভেদ দেখুৱায়, সিহঁতক বিশেষণ সৰ্ব্বনাম বোলে ।
উদাহৰণঃ
ই : এইটো মোৰ কুকুৰ । ই বৰ ভুকে ।
সি : ৰাম মোৰ বন্ধু । সি বৰ ভাল গান গায় ।
কোন : কবিতাটোৰ লিখক কোন ? কবিতাটোৰ লিখক চিৰঞ্জিৎ বৰদলৈ ।
সৰ্ব্বনামৰ পৰা উৎপন্ন বিশেষণ
বিশেষণ-সৰ্ব্বনাম প্ৰায়বিলাকেই (ই, সি, যি আৰু কোন) ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপভেদ, অৰ্থাৎ সেইবিলাক সৰ্ব্বনামৰ পৰা উৎপন্ন হোৱা শব্দ ।
ই সৰ্ব্বনামৰ পৰা উৎপন্নঃ- ই, ইমান, এই, এইয়া, এনে, এনেকুৱা, এতেক ।
সি সৰ্ব্বনামৰ পৰা উৎপন্নঃ- সি, সিমান, সেই, সেইয়া, সৌৱা, তেনে, তেনেকুৱা, তিমান, তেতেক ।
যি সৰ্ব্বনামৰ পৰা উৎপন্নঃ- যি, যিমান, যোন, যেই, যেনে, যেনেবা, যেনেকুৱা, যেতেক ।
কোন সৰ্ব্বনামৰ পৰা উৎপন্নঃ- কোন, কোনো, কোনোবা, কি, কিমান, কেই, কেনে, কেনেবা, কেনেকুৱা, কেতেক ।
অতিৰিক্ত বিশেষণ-সৰ্ব্বনাম
অকল, স্বয়ং, আপোন, অন্য, আন, সকলো, আটাই, এটাই, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান ।
টোকাঃ
১. বিশেষণ-সৰ্ব্বনাম সদায় এটা সংজ্ঞা শব্দৰ আগত থাকে । সেই সংজ্ঞা শব্দ বাক্যত প্ৰায় প্ৰকাশ থাকে, কেতিয়াবা উজ্জ্বও থাকিব পাৰে । যেনেঃ