আনুষঙ্গিক অব্যয়
যিবিলাক অব্যয় শব্দই সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ পাছত থাকি সিহঁতৰ অৰ্থ ভিন কৰে, সিহঁতক আনুষঙ্গিক অব্যয় বোলে । আনুষঙ্গিক অব্যয় শব্দবোৰ হ’লঃ সৈতে, হতুৱাই, বাহিৰে, বাজে, বাবে, দৰে, কাৰণ, কাৰণে, নিমিত্তে, নিচিনা, আদি, অৰ্থে, প্ৰতি, বিনা, বিনে, হে, হি, তো, এ, এই, মতে, যেনে, হেতু, অনুসাৰে, দেই ।
উদাহৰণঃ
সৈতে : মোৰ সৈতে তুমি চিনেমা চাব যাবা নেকি ?
টোকাঃ
১. কাৰণ, কাৰণে, নিমিত্তে, দৰে, বাবে, হেতু ইত্যাদি অব্যয় শব্দ “এই” বা “সেই” বিশেষণ-সৰ্ব্বনামৰ পাছত থাকিলে যোজক অব্যয় হয় । কিন্তু “সংজ্ঞা” বা “ব্যক্তিবোধক সৰ্ব্বনাম” শব্দৰ পাছত থাকিলে আনুষঙ্গিক অব্যয় হয় ।
উদাহৰণঃ
এই কাৰণে । (যোজক অব্যয়)
ৰামৰ কাৰণে । (আনুষঙ্গিক অব্যয়)
২. তো আৰু হে আনুষঙ্গিক অব্যয় সংজ্ঞা শব্দ, ব্যক্তিবোধক সৰ্ব্বনাম শব্দ আৰু ক্ৰিয়াৰ লগত ব্যৱহাৰ হয়; আৰু সিহঁত শব্দৰ পাছত তাৰ অংশ হৈ যোগ হয় ।
উদাহৰণঃ
ৰাম + হে = ৰামহে : ৰামহে গৈছিল ।
সি + তো = সিতো : সিতো কথাটো জানিছিল ।
গৈছিল + হে = গৈছিলহে : তাই গৈছিলহে ।
৩. এটা ক্ৰিয়া দুবাৰ উক্ত কৰি আগৰটোত “হে” যোগ দিলে, সেই ক্ৰিয়া অনেকবাৰ হোৱা বুজায় ।
উদাহৰণঃ
সি পঢ়িলেহে পঢ়িলে, তেও পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ।
৪. বিশেষৰূপে দেখুৱাবলৈ সংজ্ঞা শব্দ, ব্যক্তিবোধক সৰ্ব্বনাম আৰু ক্ৰিয়াৰ পাছত “এ” আৰু “এই” আনুষঙ্গিক অব্যয় ব্যৱহাৰ হয় ।
উদাহৰণঃ
গোপাল + এ = গোপালে দিছিল ।
সি + এই = সিয়েই দিছিল ।
শু + এ = শুয়ে : ৰাম শুয়ে আছে ।
৫. “হি” আনুষঙ্গিক অব্যয় কেৱল ক্ৰিয়াৰ লগতহে অব্যয় স্বৰূপে ব্যৱহাৰ হয় ।
উদাহৰণঃ
পঢ় + হি = পঢ়হি
খা + হি = খাহি
*ক্ৰিয়াৰ লগত “হি” ব্যৱহাৰ কৰিলে সেই বাক্যত আৰু “আহি” ক্ৰিয়া ব্যৱহাৰ নহয় ।
উদাহৰণঃ
তই আহি শোহি । (এনে বাক্য হ’ব নোৱাৰে)
৬. অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ লগত “দেই” আনুষঙ্গিক অব্যয় ব্যৱহাৰ হয় ।
উদাহৰণঃ
তুমি আহিবা দেই ।
তই যাবি দেই ।