স্বৰ বৰ্ণ

আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা বৰ্ণ সমূহকে স্বৰবৰ্ণ বোলা হয় ।

অসমীয়া ভাষাত মূলত ১১ টা স্বৰবৰ্ণৰ প্ৰয়োগ আছে । সেইকেইটা হ’ল –

অ     আ    ই     ঈ

উ     ঊ     ঋ     

এ     ঐ     ও     ঔ

স্বৰ বৰ্ণৰ ভাগ

স্বৰবৰ্ণ সমূহক দুই ভাগত ভগাব পাৰি –

হ্ৰস্ব স্বৰ

যাৰ উচ্চাৰণ চুটি । অ, ই, উ আৰু ঋ এই চাৰিটা স্বৰবৰ্ণক হ্ৰস্ব স্বৰ বোলা হয় ।

দীৰ্ঘ স্বৰ

যাৰ উচ্চাৰণ দীঘল । আ, ঈ, ঊ, এ, ঐ, ও আৰু ঔ এই সাতটা স্বৰবৰ্ণক দীৰ্ঘ স্বৰ বোলা হয় ।

 

স্বৰ বৰ্ণৰ যৌগিক আকৃতি

স্বৰবৰ্ণ আন কোনো বৰ্ণত যোগ দিবলৈ হ’লে, সিহঁতৰ আকৃতি ভিন হয় । এই আকৃতিসমূহক স্বৰবৰ্ণৰ যৌগিক আকৃতি বোলা হয় । এইবোৰ হৈছে –

 

আ – া ই – ি ঈ – ী  
উ – ু ঊ – ূ ঋ – ৃ  
এ – ে ঐ – ৈ ও – ো ঔ – ৌ

 

* অ-কাৰৰ কোনো যৌগিক আকৃতি নাই ।

 

টোকাঃ

১. অসমীয়া ভাষাত ৠ, ঌ আৰু ৡ এই তিনিটা স্বৰবৰ্ণৰ ব্যৱহাৰ নাই ।

২. গীত গাওঁতে বা কান্দোতে কোনো কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়, তেনেকুৱা স্বৰবিলাকক প্লুত স্বৰ বোলা হয় ।

প্লুত স্বৰ

ৰিং মাৰোঁতে গীত গাওঁতে আৰু কান্দোতে কোনো কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়, তেনেকুৱা স্বৰবিলাকক প্লুত স্বৰ বোলে । হ্ৰস্ব দীৰ্ঘ দুয়োবিধ স্বৰেই সময় বিশেষত প্লুত স্বৰ হ’ব পাৰে ।

সবৰ্ণ

অ-ৰ পৰা ঊ-লৈ বৰ্ণবিলাকৰ ভিতৰত একেৰকমৰ একোযোৰক সবৰ্ণ বোলে ।

যেনেঃ অ-আ সবৰ্ণ, ই-ঈ সবৰ্ণ, উ-ঊ সবৰ্ণ ।

 

ইহঁতৰ একযোৰৰ এটাক উল্লেখ কৰিলে গোটেই যোৰকে বুজায় ।

যেনেঃ অ - সবৰ্ণ বুলিলে অ-আ ।

অযোগবাহ বৰ্ণ

অনুস্বাৰ (ং) আৰু বিসৰ্গ (ঃ) এই দুই স্বৰৰ কোনো সুকীয়া উচ্চাৰণ নাই, যি বৰ্ণত যোগ হয় সেই বৰ্ণৰ উচ্চাৰণেই সিহঁতৰ উচ্চাৰণ । সেয়েহে এই দুই স্বৰক অযোগবাহ বৰ্ণ বোলে ।