স-জাত বিসৰ্গ আৰু ৰ-জাত বিসৰ্গ

স-কাৰান্ত শব্দৰ সংস্কৃতত প্ৰথমা বিভক্তিৰ এক বচনত “স্” মৰি বিসৰ্গ হয় । সেই বিসৰ্গ স-ৰ পৰা জন্মে দেখি তাক স-জাত বিসৰ্গ বোলে । 

মনস্ = মনঃ বয়স্ = বয়ঃ শিৰস্ = শিৰঃ
তেজস্ = তেজঃ যশস্ = যশঃ সৰস্ = সৰঃ

 

ঠিক তেনেদৰে কিছুমান অব্যয় শব্দৰ অন্ততো “স্” থাকে । এই বিসৰ্গবিলাকো স-জাত বিসৰ্গ । 

অধস্ = অধঃ অতস্ = অতঃ ততস্ = ততঃ

 

কোনো কোনো পদৰ আৰু কোনো কোনো উপসৰ্গৰ অন্তত “ৰ্” আছে । সেই “ৰ্” সাধাৰণত বিসৰ্গৰ আকাৰত থাকে । এই বিসৰ্গবিলাক যথাৰ্থত ৰ-ৰ পৰা জন্মিছে, সেই দেখি সিহঁতক ৰ-জাত বিসৰ্গ বোলে ।

প্ৰাতৰ্ = প্ৰাতঃ পুনৰ্ = পুনঃ অন্তৰ্ = অন্তঃ
দুৰ্ = দুঃ নিৰ্ = নিঃ