তদ্ধিত প্ৰত্যয়

যি প্ৰণালীত এটা শব্দত নানা বিধ প্ৰত্যয় যোগ দি নতুন শব্দ প্ৰস্তুত কৰা হয়, তাক তদ্ধিত বোলে, আৰু প্ৰত্যয় বিলাকক তদ্ধিত প্ৰত্যয় বোলা হয় ।

  • অব্যয় শব্দ আৰু ক্ৰিয়াবিশেষণৰ বাজে প্ৰায় সকলো শব্দত তদ্ধিত প্ৰত্যয় যোগ হয় ।
  • ই ঈ-ৰ ঠাইত ‘এ’, উ ঊ-ৰ ঠাইত ‘ও’, ঋ-ৰ ঠাইত ‘অৰ’ হ’লে সিহঁতৰ গুণ হোৱা বোলে ।
  • অ-ৰ ঠাইত ‘আ’, ই ঈ এ-ৰ ঠাইত ‘ঐ’, উ ঊ ও-ৰ ঠাইত ‘ঔ’, ঋ-ৰ ঠাইত ‘আৰ’ হ’লে সিহঁতৰ বৃদ্ধি হোৱা বোলে ।

 

তদ্ধিত প্ৰত্যয় দুবিধ - সংস্কৃত তদ্ধিত প্ৰত্যয় আৰু অসমীয়া তদ্ধিত প্ৰত্যয় ।

সংস্কৃত তদ্ধিত প্ৰত্যয়

যিবিলাক সংস্কৃত তদ্ধিত প্ৰত্যয়ৰ দ্বাৰা সিদ্ধ পদ অসমীয়া সাহিত্যত পোৱা যায়, সেই বিলাক প্ৰত্যয় ইয়াত দিয়া হ’ল -

 

১. অপত্য অৰ্থত অৰ্থাৎ ই তাৰ সন্তান, এই অৰ্থত শব্দত ষ্ণ, ষ্ণি, ষ্ণ্য আৰু ষ্ণায়ণ প্ৰত্যয় হয় ।

 

ষ্ণ - ‘ষ’ আৰু ‘ণ’ ইৎ যায় থাকে ‘অ/ৱ’ । শব্দৰ আদি স্বৰ বৃদ্ধি হয় ।
    যেনেঃ পাণ্ডু + ষ্ণ = পাণ্ডৱ, কুৰু + ষ্ণ = কৌৰৱ ।
     
ষ্ণি - ‘ষ’ আৰু ‘ণ’ ইৎ যায় থাকে ‘ই/ঈ’ । শব্দৰ আদি স্বৰ বৃদ্ধি হয় ।
     যেনেঃ ৰাৱণ + ষ্ণি =  ৰাৱণি, জনক + ষ্ণি = জানকী ।
     
ষ্ণ্য - ‘ষ’ আৰু ‘ণ’ ইৎ যায় থাকে ‘য’ । শব্দৰ আদি স্বৰ বৃদ্ধি হয়, শেষৰ স্বৰ লোপ পায় ।
    যেনেঃ অদিতি + ষ্ণ্য = আদিত্য, গৰ্গ + ষ্ণ্য = গাৰ্গ্য ।
     
ষ্ণেয় - ‘ষ’ আৰু ‘ণ’ ইৎ যায় থাকে ‘এয়’ । শব্দৰ আদি স্বৰ বৃদ্ধি হয়, শেষৰ স্বৰ লোপ পায় ।
    যেনেঃ কুন্তী + ষ্ণেয় = কৌন্তেয়, বিমাতৃ + ষ্ণেয় = বৈমাত্ৰেয় ।
     
ষ্ণায়ণ - ‘ষ’ আৰু ‘ণ’ ইৎ যায় থাকে ‘আয়ণ’ । শব্দৰ আদি স্বৰ বৃদ্ধি হয়, শেষৰ স্বৰ লোপ পায় ।
    যেনেঃ নৰ + ষ্ণায়ণ = নাৰায়ণ, দক্ষ + ষ্ণায়ণ = দাক্ষায়ণ ।

 

অপত্য অৰ্থৰ বাজে অন্য অৰ্থত ব্যৱহৃত উদাহৰণ কিছুমান তলত দিয়া হ’ল -

 

ষ্ণ   স্বাৰ্থত   বন্ধু + ষ্ণ = বান্ধৱ
         
ষ্ণ   ভাবাৰ্থত   গুৰু + ষ্ণ = গৌৰৱ, লঘু + ষ্ণ = লাঘৱ, শিশু + ষ্ণ = শৈশৱ
         
ষ্ণ   ভাবাৰ্থত   কৰুণা + ষ্ণ = কাৰুণ্য, সমীপ + ষ্ণ = সামীপ্য, ধীৰ + ষ্ণ = ধৈৰ্য্য, গম্ভীৰ + ষ্ণ = গাম্ভীৰ্য্য
        দীঘ + ষ্ণ = দৈৰ্ঘ্য, চঞ্চল + ষ্ণ = চাঞ্চল্য
         
ষ্ণ   সেৱক অৰ্থত   বিষ্ণু + ষ্ণ = বৈষ্ণৱ, শিৱ + ষ্ণ = শৈৱ, শক্তি + ষ্ণ = শাক্ত
         
ষ্ণ   সংগত অৰ্থত   বিধি + ষ্ণ = বৈধ, অবিধি + ষ্ণ = অবৈধ
         
ষ্ণ্য   উদ্ভৱ অৰ্থত   গ্ৰাম + ষ্ণ্য = গ্ৰাম্য, বন + ষ্ণ্য = বন্য
         
ষ্ণিক   সম্পৰ্ক অৰ্থত   শৰীৰ + ষ্ণিক = শাৰীৰিক, দেহ + ষ্ণিক = দৈহিক, মনস্ + ষ্ণিক = মানসিক
        দিন + ষ্ণিক = দৈনিক, লোক + ষ্ণিক = লৌকিক, মুখ + ষ্ণিক = মৌখিক

আন তদ্ধিত প্ৰত্যয় সমূহ

প্ৰত্যয়   কেতিয়া যোগ হয়   যোগ দিয়াৰ নিয়ম   উদাহৰণ   প্ৰথমা বিভক্তি একবচন   স্ত্ৰীলিঙ্গ
                     
বতু   আছে অৰ্থত   উ ইৎ যায় বৎ থাকে  

ধন + বতু = ধনবৎ

গুণ + বৎ = গুণবৎ

 

ধনবান

গুণবান

 

ধনবতী

গুণবতী

মতু   আছে অৰ্থত   উ ইৎ যায় মৎ থাকে  

শ্ৰী + মৎ = শ্ৰীমৎ

মূৰ্ত্তি + মৎ = মূৰ্ত্তিমৎ

 

শ্ৰীমান

মূৰ্ত্তিমান

 

শ্ৰীমতী

মূৰ্ত্তিমতী

ইন্   আছে অৰ্থত      

ধন + ইন্ = ধনিন্

গুণ + ইন্ = গুণিন্

 

ধনী

গুণী

   
বিন্   আছে অৰ্থত      

মেধা + বিন্ = মেধ‌বিন্

মায়া + বিন্ = মায়াবিন্

 

মেধাবী

মায়াবী

 

মেধাবীনী

মায়াবীনী

আলু   আছে অৰ্থত      

দয়া + আলু = দয়ালু

কৃপা + আলু = কৃপালু

       
ইষ্ঠ   বহুতৰ ভিতৰত এটাৰ উৎকৰ্ষ বুজাবলৈ  

*যুক্ত শব্দৰ ৰূপ সলনি

যেনেঃ লঘু > লঘ, গুৰু > গৰ

 

লঘু + ইষ্ঠ = লঘিষ্ঠ

গুৰু + ইষ্ঠ = গৰিষ্ঠ

       
ঈয়স্   দুটাৰ মাজত এটাৰ উৎকৰ্ষ বুজাবলৈ      

লঘু + ঈয়স্ = লঘীয়স্

গুৰু + ঈয়স্ = গৰীয়স্

 

লঘীয়ান

গৰীয়ান

 

লঘীয়সী

গৰীয়সী