স্ত্ৰী প্ৰত্যয়

যি বিলাক প্ৰত্যয় যোগ দি পুংলিঙ্গৰ শব্দক স্ত্ৰীলিংঙ্গ কৰা হয়, সিহঁতক স্ত্ৰী-প্ৰত্যয় বোলে । অসমীয়াত স্ত্ৰী-প্ৰত্যয় দুটা - ঈ আৰু অনী । যেনেঃ বগা-বগী, বুঢ়া-বুঢ়ী, বৰুৱা-বৰুৱানী ।

ঈ-প্ৰত্যয় যোগ কৰাৰ নিয়মসমূহ

১. ঈ-প্ৰত্যয় যোগ হ’লে ব্যঞ্জনান্ত শব্দৰ শেষত ‘ী’ যোগ হয় । যেনেঃ নিলাজ-নিলাজী, বান্দৰ-বান্দৰী ।

২. ঈ-প্ৰত্যয় যোগ হ’লে কোনো কোনো শব্দৰ আদিৰ ‘অ’ মৰি ‘আ’ হয় । যেনেঃ অজলা-আজলী, পগলা-পাগলী ।

৩. ঈ-প্ৰত্যয় যোগ হ’লে কোনো কোনো শব্দৰ শেষ ব্যঞ্জন বৰ্ণৰ আগৰ ‘ও’ মৰি ‘উ’ হয় । যেনেঃ খোনা-খুনী, লোধোমা-লুধুমী ।

৪. ঈ-প্ৰত্যয় যোগ হ’লে আ-কাৰান্ত গুণবোধক শব্দৰ অন্তত থকা স্বৰবৰ্ণ লোপ হয় । যেনেঃ কান্দুৰা-কান্দুৰী, বগা-বগী ।

অনী-প্ৰত্যয় যোগ কৰাৰ নিয়মসমূহ

১. অনী-প্ৰত্যয় হ’লে অ-কাৰান্ত ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ ‘অ’ শব্দৰ শেষ ব্যঞ্জনবৰ্ণত যোগ হয় । যেনেঃ নাপিত-নাপিতনী, ফুকন-ফুকননী ।

২. অনী-প্ৰত্যয় হ’লে আ-কাৰান্ত ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ ‘অ’ লোপ হয় । যেনেঃ কলিতা-কলিতানী, শৰ্মা-শৰ্মানী ।

৩. অনী-প্ৰত্যয় হ’লে ই, ঈ, এ আৰু ঐ-কাৰান্ত ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ ‘অ’ মৰি ‘য়’ হয় । যেনেঃ মিৰি-মিৰিয়নী, মুদৈ-মুদৈয়নী ।

৪. অনী-প্ৰত্যয় হ’লে উ, ঊ, ও আৰু ঔ-কাৰান্ত ব্যঞ্জনান্ত শব্দত, প্ৰত্যয়ৰ ‘অ’ মৰি ‘ৱ’ হয় । যেনেঃ কপৌ-কপৌৱনী, গাৰো-গাৰোৱানী ।

৫. অনী-প্ৰত্যয় হ’লে জন্তু-পক্ষীৰ স্বৰান্ত শব্দৰ শেষৰ স্বৰ লোপ হয় আৰয় প্ৰত্যয়ৰ ‘অ’ মৰি ‘ই’ হয় । যেনেঃ বাঘ-বাঘিনী, হাঁহ-হাঁহিনী ।

৬. অনী-প্ৰত্যয় যোগ হ’লে কোনো কোনো শব্দৰ আদিৰ ‘অ’ মৰি ‘উ’ হয়, আৰু শব্দৰ আদিৰ ও-কাৰ উ-কাৰ হয় । যেনেঃ চোৰ-চুৰুনী, ডোম-ডুমুনী ।

বিশেষ টোকা

১. অনী-প্ৰত্যয় হ’লে ‘নাতি’ আদি শব্দত, প্ৰত্যয়ৰ ‘অ’ লোপ হয় । যেনেঃ নাতি-নাতিনী ।

২. কোনো কোনো হ্ৰস্ব ই-কাৰান্ত শব্দ স্ত্ৰীলিঙ্গত কেৱল দীৰ্ঘ ঈ-কাৰান্ত হয় । যেনেঃ ৰান্ধনি-ৰান্ধনী, সখি-সখী ।

৩. গৰাকী শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ । গৰাকীৰ ঘৈণীয়েকক বুজালে ‘গৰাকিয়নী’ আৰু বস্তুৰ অধিকাৰিণীক বুজালে ‘গৰাকিনী’ হয় ।

৪. বিড়াল শব্দৰ স্ত্ৰীলিঙ্গত দুটা ৰূপ, বিড়ালী আৰু বিড়লী ।

৫. অসমীয়াত কিছুমান স্ত্ৰীলিঙ্গ শব্দৰ পুংলিঙ্গ নাই । যেনেঃ নামতী, ৰোৱনী, শিপিনী ইত্যাদি ।

৬. বলৱন্ত জন্তুৰ গোটেইটো জাতি বুজাবলৈ প্ৰায় পুংলিঙ্গৰ শব্দ ব্যৱহাৰ হয় । যেনেঃ মানুহ, হাতী ইত্যাদি ।

৭. নিৰ্ব্বলী জন্তুৰ গোটেইটো জাতি বুজাবলৈ প্ৰায় স্ত্ৰীলিঙ্গৰ শব্দ ব্যৱহাৰ হয় । যেনেঃ ছাগলী, ভেকুলী ইত্যাদি ।

 

কিছুমান পুংলিঙ্গ শব্দৰ স্ত্ৰীলিঙ্গ ৰূপ একেবাৰে বেলেগ । তাৰে কিছুমান তলত দিয়া হ’ল -

 

ককা - আইতা   তা্ৱৈ - আমৈ   বোপাই - আই
ককাই - বাই   দেওৰ - জা   বন্দী - বেটী
কোৱা - কাউৰী   দঁতাল - মাখুন্দী   বলদ - গাই
কোঁৱৰ - কুঁৱৰী, আইদেউ   দঁতুৱা - কাঢ়লী   ভঙ্গুৱা - ভাঙ্গুৰী
গিৰী - ঘৈনী   দদাই - খুৰী   ভাই - ভনী
গোলাম - বান্দী   দৰা - কইনা   মগনিয়াৰ - মাগনী
গোসাঁই - গোসাঁনী   নগা - নাগিনী   মামা/মোমাই - মামী
গোহাঁই/গগৈ - আইচু   নাচনিয়াৰ - নাচনী   মতা - মাইকী
গৃহস্থ - গৃহিণী   পিতা - মাতা   মুনিহ - তিৰোতা/তিৰী
চপনীয়া - চাপনী   পো - জী   ৰজা - ৰাণী
ছাগ/ছাগল - ছাগলী   বগ - বগলী   ল’ৰা - ছোৱালী
জেঠা - জেঠাই   বোন্দা - জাঁই   শৰ - ভেলেঙ্গী
ডেকা - গাভৰু   বোপা - আইটী   শহুৰ - শাহু