বিশেষ বিশেষ শব্দত বিভক্তি যোগৰ নিয়ম

প্ৰথমা বিভক্তি

১. কোনো ক্ৰিয়াৰ লগত সম্বন্ধ নেদেখুউৱাকৈ কোনো বস্তুৰ নাম মাত্ৰ উল্লেখ কৰিবলৈ হ’লে, তাত প্ৰথমা বিভক্তি হয়; কিন্তু বিভক্তিৰ চিন নাথাকে । যেনেঃ ঘৰ, বাৰী, পশু, পক্ষী, মানুহ ইত্যাদি । 

২. দুজন বা অধিকৰ ভিতৰত পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য্য কৰা বুজালে, প্ৰথমা বিভক্তি হয় ।  যেনেঃ ল’ৰাই ল’ৰাই দ্বন্দ্ব লাগিছে, গৰুৱে গৰুৱে যুঁজ লাগিছে ।

৩. সম্বোধনত প্ৰথমা বিভক্তি হয়, কিন্তু বিভক্তিৰ চিন নাথাকে । যেনেঃ হে হৰি, হেৰি ডানৰীয়া, হেৰ মনবৰ ইত্যাদি ।

৪. ধন্য শব্দ যোগত বিশেষ্যত প্ৰথমা বিভক্তি হয় । যেনেঃ ধন্য তুমি(য়ে), তুমি (য়ে) ধন্য, ধন্য তোমাৰ (তোমাৰে) বুদ্ধি, তোমাৰ (তোমাৰে) বুদ্ধি ধন্য । 

 

দ্বিতীয়া বিভক্তি

১. আদি, অনুসৰি, পৰ্য্যন্ত শব্দৰ যোগত শব্দত দ্বিতীয়া বিভক্তি হয় । কিন্তু অনেক ঠাইত বিভক্তিৰ চিন নাথাকে । যেনেঃ ফুকনকে আদি কৰি সকলো আহিছিল, আজি (আজিক) পৰ্য্যন্ত মই তোমাক ভাল পাওঁ, আৰ্হি (আৰ্হিক) অনুসৰি কাম কৰিবা ।

২. ধিক্ শব্দৰ যোগত বিশেষ্যত দ্বিতীয়া বিভক্তি হয় । যেনেঃ তোৰ জীৱনক ধিক্ । কিন্তু ধিক্ শব্দ আগত থাকিলে বিভক্তিৰ চিন লোপ হয় । যেনেঃ ধিক্ তোৰ জীৱন, ধিক্ তোৰ বিদ্যা ।

 

তৃতীয়া বিভক্তি

১. সৈতে শব্দৰ যোগত শব্দত তৃতীয়া বিভক্তি হয় । যেনেঃ মই গোপালেৰে (গোপাল + এৰে) সৈতে গৈছিলোঁ ।

২. বিশেষ কৰি দেখুৱাবলৈ নাম শব্দ ব্যৱহাৰ হ’লে, তাতো তৃতীয়া বিভক্তি হয় । যেনেঃ ৰাৱন নামেৰে (নাম + এৰে) এজন অসুৰ আছিল ।

 

চতুৰ্থী বিভক্তি

১. নমস্কাৰ, প্ৰণাম আৰু দণ্ডবৎ শব্দৰ যোগত শব্দত চতুৰ্থী বিভক্তি হয় । যেনেঃ আপোনাক (আপুনি + অক) নমস্কাৰ, সূৰ্য্যক (সূৰ্য্য + অক) প্ৰণাম, গুৰুক (গুৰু + অক) দণ্ডবৎ । ঠিক তেনেদৰে, গুৰুলৈ (গুৰু + অলৈ) দণ্ডবৎ, দেৱতালৈ (দেৱতা + অলৈ) প্ৰণাম ।

২. যা, চা, পাহৰ আদি ধাতুৰ পৰা হোৱা ক্ৰিয়াৰ যোগতো চতুৰ্থী বিভক্তি হয় । যেনেঃ ঘৰলৈ (ঘৰ + অলৈ) গৈছে, মোলৈ (মই + অলৈ) পাহৰিলা, তোৰ মুখলৈ (মুখ + অলৈ) চাই ।

৩. নিমিত্ত অৰ্থ বুজালেও চতুৰ্থী বিভক্তি হয় । যেনেঃ মোলৈ (মই + অলৈ) ভাবিব নালাগে, তালৈ (তই + অলৈ) ভাত ৰান্ধিবা । * মোলৈ অৰ্থাৎ মোৰ নিমিত্তে, তালৈ অৰ্থাৎ তাৰ নিমিত্তে ।

 

পঞ্চমী বিভক্তি 

১. সীমা বুজালে শব্দত পঞ্চমী বিভক্তি হয় । যেনেঃ গুৱাহাটীৰ পৰা নগাঁৱলৈ ৭৫ মাইল, সি ল’ৰাকালৰ পৰা বুদ্ধিয়ক ।

২. শুন আদি ক্ৰিয়াৰ যোগত পঞ্চমী বিভক্তি হয় । যেনেঃ তাৰ মুখৰ পৰা শুনিলোঁ ।

৩. সিদ্ধা ক্ৰিয়া লোপ হ’লে শব্দত পঞ্চমী বিভক্তি হয় । যেনেঃ পৰ্ব্বতৰ পৰা চালোঁ, অৰ্থাৎ পৰ্ব্বতত উঠি চালোঁ ।

৪. আৰম্ভণ বুজালেও পঞ্চমী বিভক্তি হয় । যেনেঃ সোমবাৰৰ পৰা পৰীক্ষা হ’ব, অৰ্থাৎ আৰম্ভ হ’ব । 

 

ষষ্ঠী বিভক্তি

১. কোনো বস্তুৰ লগত সম্বন্ধ বুজালে শব্দত ষষ্ঠী বিভক্তি হয় । যেনেঃ ইশ্বৰৰ (ইশ্বৰ + অৰ) শক্তি, গছৰ (গছ + অৰ) পাত । *ষষ্ঠী বিভক্তি হ’লে শব্দক সম্বন্ধ পদ বোলে ।

২. প্ৰতি, নিমিত্তে, কাৰণে, অৰ্থে, মতে, হতুৱাই, নিচিনা, দৰে, বাজে, বাহিৰ, ভিতৰ, অনুসাৰে ইত্যাদি শব্দৰ যোগত শব্দত ষষ্ঠী বিভক্তি হয় । যেনেঃ

  দুখীয়াৰ প্ৰতি দয়ালু হ’বা
  জ্ঞানৰ নিমিত্তে বিদ্যা আৰ্জ্জিবা 
  তাৰ কাৰণে মই মৰিলোঁ
  ধনৰ অৰ্থে শ্ৰম কৰিবা
  ৰামৰ হতুৱাই চিঠি লিখালোঁ
  গোপাল ৰামৰ নিচিনা নহয়
  মধুৰ দৰে মানুহ পাবলৈ নাই
  ঘৰৰ বাহিৰ নহ’বা
  বিধিৰ অনুসাৰে চলিবা
  * বাজে শব্দৰ যোগত কেতিয়াবা সপ্তমী বিভক্তিও (অত) হয় । যেনেঃ ইয়াত বাজে উপায় নাই ।
  * অনুসাৰে শব্দ পাছত থাকিলে শব্দত চিন প্ৰায় নাথাকে । যেনেঃ বিধি(ৰ) অনুসাৰে অনুষ্ঠান ।

 

৩. অনুৰূপ অৰ্থতো শব্দত ষষ্ঠী বিভক্তি হয় । যেনেঃ বিদ্যাৰ সাগৰ, শোকৰ অগ্নি ।