শব্দত বিভক্তি যোগ দিবৰ সাধাৰণ নিয়ম

১. ব্যঞ্জনান্ত শব্দত বিভক্তিৰ আদিৰ অকলশৰীয়া স্বৰ শব্দৰ শেষ ব্যঞ্জন বৰ্ণত যোগ হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা ৰাম + এ = ৰামে ৰামে মাতিছে ।
দ্বিতীয়া অক ৰাম + অক = ৰামক ৰামক মাতা ।
তৃতীয়া এৰে ৰাম + এৰে = ৰামেৰে ৰামেৰে আনা ।
চতুৰ্থী অলৈ ৰাম + অলৈ = ৰামলৈ ৰামলৈ লোৱা ।
পঞ্চমী পৰা  -  -
ষষ্ঠী অৰ ৰাম + অৰ = ৰামৰ ৰামৰ ঘৰ ।
সপ্তমী অত ৰাম + অত = ৰামত ৰামত বিশ্বাস ।

 

২. স্বৰান্ত শব্দত প্ৰথমা বিভক্তিৰ বাদে আন বিভক্তিৰ আদিৰ অকলশৰীয়া স্বৰ লোপ হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা  -  -
দ্বিতীয়া অক দেউতা + অক = দেউতাক দেউতাক আহিছে ।
তৃতীয়া এৰে দেউতা + এৰে = দেউতাৰে দেউতাৰে মাতিছে ।
চতুৰ্থী অলৈ দেউতা + অলৈ = দেউতালৈ দেউতালৈ ৰোৱা ।
পঞ্চমী পৰা  -  -
ষষ্ঠী অৰ দেউতা + অৰ = দেউতাৰ দেউতাৰ নাম ।
সপ্তমী অত দেউতা + অত = দেউতাত দেউতাত বিশ্বাস ।

 

৩. অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাছত প্ৰথমা বিভক্তিৰ “এ” গুচি “ই” হয় ।  ই, ঈ, এ, ঐ বা ঋ-কাৰান্ত শব্দৰ পাছত প্ৰথমা বিভক্তিৰ “এ” গুচি “য়ে” হয় । উ,ঊ, ও বা ঔ-কাৰান্ত শব্দৰ পাছত প্ৰথমা বিভক্তিৰ “এ” গুচি “ৱে” হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা দেউতা + এ = দেউতাই দেউতাই লিখিছে ।
প্ৰথমা ছাগলী + এ = ছাগলীয়ে ছাগলীয়ে বেবায় ।
প্ৰথমা গৰু + এ = গৰুৱে গৰুৱে হেম্বেলিয়ায় ।

 

৪. শব্দৰ শেষত অ-কাৰান্ত যুক্তাক্ষৰ থাকিলে, তাত প্ৰথমা বিভক্তিৰ “এ” সাধাৰণতে লোপ হৈ “ই” হয় । যদি “এ” লোপ নহয়, তেতিয়া যুক্তাক্ষৰৰ “অ” লোপ হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা কৃষ্ণ + এ = কৃষ্ণই/কৃষ্ণে কৃষ্ণই বংশী বায় ।

 

৫. যি শব্দৰ শেষ ব্যঞ্জনৰ আগত অনুস্বাৰ (ং) থাকে তাৰ শেষ ব্যঞ্জন যুক্তাক্ষৰৰ স্বভাৱ প্ৰাপ্ত হয় । অৰ্থাৎ “এ” লোপ হৈ “ই” হয় । যদি “এ” লোপ নহয়, তেতিয়া শেষ ব্যঞ্জনৰ “অ” লোপ হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা কংশ + এ = কংশই/কংশে কংশই কৃষ্ণৰ মামা ।

 

৬. অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এৰে” বিভক্তিৰ “এ” লোপ হয় ।  ই, ঈ, এ, ঐ বা ঋ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এৰে” বিভক্তিৰ “এ” লোপ হয় বা “য়ে” হয় । উ,ঊ, ও বা ঔ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এৰে” বিভক্তিৰ “এ” লোপ হয় বা “ৱে” হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
তৃতীয়া এৰে মা + এৰে = মাৰে/মাইৰে মাইৰে মাতিছে ।
তৃতীয়া এৰে ঘি + এৰে = ঘিৰে/ঘিয়েৰে ঘিয়েৰে বনোৱা ।
তৃতীয়া এৰে ঢৌ + এৰে = ঢৌৰে/ঢৌৱেৰে ঢৌৱেৰে নাযাবা ।

 

৭. অ-কাৰান্ত আৰু আ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এদি” বিভক্তিৰ “এ” লোপ হয় ।  ই, ঈ, এ, ঐ বা ঋ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এদি” বিভক্তিৰ “এ” লোপ হয় বা “য়ে” হয় । উ,ঊ, ও বা ঔ-কাৰান্ত শব্দৰ পাছত তৃতীয়া “এদি” বিভক্তিৰ “এ” লোপ হয় বা “ৱে” হয় । 

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
তৃতীয়া এদি ঘোঁৰা + এদি = ঘোঁৰাদি/ঘোঁৰাইদি ঘোঁৰাইদি যোৱা ।
তৃতীয়া এদি বালি + এদি = বালিদি/বালিয়েদি বালিয়েদি দৌৰা ।
তৃতীয়া এদি চকু + এদি = চকুদি/চকুৱেদি চকুৱেদি চাবা ।

 

৮. তৃতীয়া বিভক্তিৰ “দ্বাৰা” বা “দ্বাৰায়” আৰু পঞ্চমী বিভক্তিৰ “পৰা” যোগ হ’লে শব্দৰ শেষত “অৰ” যোগ হয় ।

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
তৃতীয়া দ্বাৰা ৰাম + দ্বাৰা = ৰামৰ দ্বাৰা ৰামৰ দ্বাৰা কৰোৱা ।
তৃতীয়া দ্বাৰায় ৰাম + দ্বাৰায় = ৰামৰ দ্বাৰায় ৰামৰ দ্বাৰায় কৰোৱা ।
পঞ্চমী পৰা ৰাম + পৰা = ৰামৰ পৰা ৰামৰ পৰা লোৱা ।

 

৯. শব্দৰ শেষত অকলশৰীয়া “ও” থাকিলে আৰু তাত আদিত অকলশৰীয়া স্বৰ থকা বিভক্তি (অক, অৰ, এৰে, এদি ইত‌্যাদি) যোগ হ’লে “ও” গুচি “ৱ” হয় । 

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা গাঁও + এ = গাঁৱে আমাৰ গাঁৱে গাঁৱে ।
দ্বিতীয়া অক গাঁও + অক = গাঁৱক আমাৰ গাঁৱক ।
তৃতীয়া এৰে গাঁও + এৰে = গাঁৱেৰে আমাৰ গাঁৱেৰে ।
তৃতীয়া এদি গাঁও + এদি = গাঁৱেদি আমাৰ গাঁৱেদি ।
চতুৰ্থী অলৈ গাঁও + অলৈ = গাঁৱলৈ আমাৰ গাঁৱলৈ ।
চতুৰ্থী অক গাঁও + অক = গাঁৱক আমাৰ গাঁৱক ।
ষষ্ঠী অৰ গাঁও + অৰ = গাঁৱৰ আমাৰ গাঁৱৰ ।
সপ্তমী অত গাঁও + অত = গাঁৱত আমাৰ গাঁৱত ।

 

১০. শব্দৰ শেষত অনুস্বাৰ (ং) থাকিলে আৰু তাত আদিত অকলশৰীয়া স্বৰ থকা বিভক্তি (অক, অৰ, এৰে, এদি ইত‌্যাদি) যোগ হ’লে “ং” গুচি “ঙ” বা “ঙ্গ” হয় । 

 

বিভক্তি প্ৰত্যয় উদাহৰণ বাক্য
প্ৰথমা ৰং + এ = ৰঙে/ৰঙ্গে ৰঙ আনে সুবতৰা ।
দ্বিতীয়া অক ভাং + অক = ভাঙক/ভাঙ্গক ভাঙক এৰিবা ।
তৃতীয়া এৰে দলং + এৰে = দলঙেৰে দলঙেৰে যাবা ।
তৃতীয়া এদি দলং + এদি = দলঙেদি দলঙেদি আহিবা ।
চতুৰ্থী অলৈ কলং + অলৈ = কলঙলৈ কলঙলৈ গৈছিলোঁ ।
চতুৰ্থী অক শিং + অক = শিঙক শিঙক কাটি ।
ষষ্ঠী অৰ চাং + অৰ = চাঙৰ চাঙৰ ওপৰত ।
সপ্তমী অত চাং + অত = চাঙত চাঙত বহি ।

 

টোকাঃ

অনলাইন শব্দ-বিভক্তি সঁজুলিৰ কাৰণে ইয়াত যাওঁক ।