বিভক্তি প্ৰত্যয়

বিভক্তি প্ৰত্যয় মূলতঃ দুই প্ৰকাৰৰ । শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি ।

শব্দ বিভক্তি

যিবিলাক প্ৰত্যয় শব্দত প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰ্দ্ধাৰণ কৰে, সিহঁতক শব্দ বিভক্তি বোলে । শব্দ বিভক্তি সাত বিধ । সেইকেইটা হৈছেঃ-

প্ৰথমা   => মানুহ   মানুহে
দ্বিতীয়া   অক => মানুহ   মানুহক
তৃতীয়া   এৰে, এদি, দ্বাৰা, দ্বাৰায় => মানুহ   মানুহেৰে, মানুহেদি, মানুহৰ দ্বাৰা
চতুৰ্থী   অলৈ, অক => মানুহ   মানুহলৈ, মানুহক
পঞ্চমী   পৰা => মানুহ   মানুহৰ পৰা
ষষ্ঠী   অৰ => মানুহ   মানুহৰ
সপ্তমী   অত => মানুহ   মানুহত

 

টোকাঃ

অনলাইন শব্দ-বিভক্তি সঁজুলিৰ কাৰণে ইয়াত যাওঁক ।

 

ক্ৰিয়া বিভক্তি

যিবিলাক প্ৰত্যয়ে ক্ৰিয়া প্ৰকৃতিত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্দ্ধাৰণ কৰে, সিহঁতক ক্ৰিয়া বিভক্তি বোলে । ক্ৰিয়া বিভক্তি কাল আৰু পুৰুষ অনুসাৰে ছাবিছ বিধ । 

    প্ৰথম পুৰুষ   দ্বিতীয় পুৰুষ দ্বিতীয় পুৰুষ   তৃতীয় পুৰুষ
কাল   (মই, আমি)   (তই, তহঁত) (তুমি, তোমালোক)   (সি, আপুনি, তেখেত)
               
নিত্য বৰ্ত্তমান   ওঁ    
স্বৰূপ বৰ্ত্তমান   ইছোঁ   ইছ ইছা   ইছে
স্বৰূপ ভূত   ইলোঁ   ইলি ইলা   ইলে
অপূৰ্ণ ভূত   ইছিলোঁ   ইছিলি ইছিলা   ইছিল
সম্ভাব্য ভূত   ইলোহেঁতেন   ইলিহেঁতেন ইলাহেঁতেন   ইলেহেঁতেন

 

উদাহৰণঃ ধৰ ক্ৰিয়া ।

    প্ৰথম পুৰুষ   দ্বিতীয় পুৰুষ দ্বিতীয় পুৰুষ   তৃতীয় পুৰুষ
কাল   (মই, আমি)   (তই, তহঁত) (তুমি, তোমালোক)   (সি, আপুনি, তেখেত)
               
নিত্য বৰ্ত্তমান   ধৰোঁ   ধৰ ধৰা   ধৰে
স্বৰূপ বৰ্ত্তমান   ধৰিছোঁ   ধৰিছ ধৰিছা   ধৰিছে
স্বৰূপ ভূত   ধৰিলোঁ   ধৰিলি ধৰিলা   ধৰিলে
অপূৰ্ণ ভূত   ধৰিছিলোঁ   ধৰিছিলি ধৰিছিলা   ধৰিছিল
সম্ভাব্য ভূত   ধৰিলোহেঁতেন   ধৰিলিহেঁতেন ধৰিলাহেঁতেন   ধৰিলেহেঁতেন

 

টোকাঃ

অনলাইন ক্ৰিয়া বিভক্তি সঁজুলিৰ কাৰণে ইয়াত যাওঁক ।

 

অনুজ্ঞা বিভক্তি

আদেশ বা অনুৰোধ বুজাবলৈ যোগ হোৱা ক্ৰিয়া বিভক্তিক অনুজ্ঞা বিভক্তি বোলে । অনুজ্ঞা বিভক্তিৰ দুই পুৰুষ - দ্বিতীয় আৰু তৃতীয় । অনুজ্ঞা বিভক্তিৰ কাল দুটা - নিত্য বৰ্ত্তমান আৰু ভৱিষ্যৎ ।

    প্ৰথম পুৰুষ   দ্বিতীয় পুৰুষ দ্বিতীয় পুৰুষ   তৃতীয় পুৰুষ
কাল   (মই, আমি)   (তই, তহঁত) (তুমি, তোমালোক)   (সি, আপুনি, তেখেত)
               
নিত্য বৰ্ত্তমান   -     অক, ওক
ভৱিষ্যৎ   -   ইবি ইবা   ইব

 

উদাহৰণঃ ধৰ ক্ৰিয়া ।

    প্ৰথম পুৰুষ   দ্বিতীয় পুৰুষ দ্বিতীয় পুৰুষ   তৃতীয় পুৰুষ
কাল   (মই, আমি)   (তই, তহঁত) (তুমি, তোমালোক)   (সি, আপুনি, তেখেত)
               
নিত্য বৰ্ত্তমান   -   ধৰ ধৰা   ধৰক, ধৰোক
ভৱিষ্যৎ   -   ধৰিবি ধৰিবা   ধৰিব