শব্দ

অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা হয় । উদাহৰণঃ ঘৰ, মানুহ, পানী ইত্যাদি । আনহাতে দ, ৰ, ব আদি অৰ্থযুক্ত বৰ্ণ এতেকে সিহঁতো শব্দ ।

শব্দৰ শেষ বৰ্ণৰ আগৰ বৰ্ণক উপাধা বোলে । যেনেঃ অসম শব্দত ‘স’ উপাধা ।

ক্ৰিয়া

যি শব্দই কোনো এটা কাৰ্য্য কৰা বুজায়, তেনে শব্দক ক্ৰিয়া বোলে । উদাহৰণঃ ক, খা, পঢ় ইত্যাদি ।

প্ৰকৃতি

শব্দ আৰু ক্ৰিয়া, দুয়োকে প্ৰকৃতি বোলা হয় ।

প্ৰত্যয়

প্ৰকৃতিৰ লগত ভিন ভিন অৰ্থত কিছুমান অৰ্থহীন বা নিৰৰ্থক বৰ্ন বা বৰ্ণসমষ্টি যোগ দিয়া হয়, সিহঁতক প্ৰত্যয় বোলে ।

  • প্ৰত্যয় মূলতঃ চাৰিবিধ - বিভক্তি, স্ত্ৰী, তদ্ধিত আৰু কৃৎ ।
  • প্ৰত্যয় শব্দত যোগ দিলে, প্ৰত্যয়ৰ যি অংশ লোপ হয় তাক ‘ইৎ’ যোৱা বোলে ।