কাৰক
ক্ৰিয়াৰ লগত সম্বন্ধ হ’লে সৰ্ব্বনাম আৰু বিশেষ্য পদক কাৰক বোলা হয় । কাৰক ছবিধঃ কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ ।
কৰ্ত্তাকাৰক
যি ক্ৰিয়া কৰে সি কৰ্ত্তাকাৰক । কৰ্ত্তাকাৰকত প্ৰথমা বিভক্তি (এ) যোগ হয় ।
মেঘে গাজিছে | মেঘ + এ = মেঘে | ইয়াত বিশেষ্য “মেঘ” কৰ্ত্তাকাৰক |
সি শুইছে | ইয়াত সৰ্ব্বনাম “সি” কৰ্ত্তাকাৰক |
কৰ্ম্মকাৰক
যাৰ ওপৰত ক্ৰিয়া হয় তাক কৰ্ম্মকাৰক বোলে । কৰ্ম্মকাৰকত দ্বিতীয়া বিভক্তি (অক) যোগ হয় ।
গোপালে হৰিক মাৰিলে | হৰি + অক = হৰিক | ইয়াত বিশেষ্য “হৰি” কৰ্ম্মকাৰক |
মই তাক দিছিলোঁ | সি + অক = তাক | ইয়াত সৰ্ব্বনাম “তাক” কৰ্ম্মকাৰক |
কৰণকাৰক
যাৰ বা যিহৰ দ্বাৰায় কৰ্ত্তাই ক্ৰিয়া সম্পন্ন কৰে তাক কৰণকাৰক বোলে । কৰণকাৰকত তৃতীয়া বিভক্তি (এৰে, এদি, দ্বাৰা, দ্বাৰায়) যোগ হয় ।
সি কুঠাৰেৰে গছডাল কাটিছিল | কুঠাৰ + এৰে = কুঠাৰেৰে | ইয়াত বিশেষ্য “কুঠাৰ” কৰণকাৰক |
ৰামে হাতেদি বস্তুটো দিছিল | হাত + এদি = হাতেদি | ইয়াত বিশেষ্য “হাত” কৰণকাৰক |
সম্প্ৰদানকাৰক
যাক দান কৰা যায়, তাক সম্প্ৰদানকাৰক বোলে । সম্প্ৰদানকাৰকত চতুৰ্থী বিভক্তি (অলৈ, অক) যোগ হয় ।
মই ৰামলৈ কিতাপ আনিলোঁ | ৰাম + অলৈ = ৰামলৈ | ইয়াত বিশেষ্য “ৰাম” সম্প্ৰদানকাৰক |
মই তেওঁক চোলাটো দিছিলোঁ | তেওঁ + অক = তেওঁক | ইয়াত সৰ্ব্বনাম “তেওঁ” সম্প্ৰদানকাৰক |
টোকাঃ
গৰাকীয়ে নিজৰ স্বত্ব পৰিত্যাগ কৰি দান কৰিলেহে দান কৰা হয়, তেতিয়াহে দানৰ পাত্ৰত চতুৰ্থী বিভক্তি হয় । আগলৈ ঘূৰাই লম বুলি দিলে, বা দিবলগীয়া বস্তু দিলে দান কৰা নহয় । যেনেঃ ধোবাক কাপোৰ দিলে, ৰজাক কৰ দিলে বা আনক কোনো বস্তু ধাৰলৈ দিলে দান কৰা নহয় । অৰ্থাৎ ইয়াত ধোবাত, ৰজাত বা ধৰুৱাত চতুৰ্থী বিভক্তি যোগ নহয় ।
অপাদানকাৰক
যাৰ পৰা বা যিহৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা বা নিৰস্ত হোৱা বুজায় বা ভয় খোৱা, ৰক্ষা পোৱা বা আঁতৰ হোৱা বুজায়, তাক অপাদান কাৰক বোলে । অপাদানকাৰকত পঞ্চমী বিভক্তি (পৰা) যোগ হয় ।
গাখীৰৰ পৰা ঘিউ হয় | গাখীৰ + পৰা = গাখীৰৰ পৰা | ইয়াত বিশেষ্য “গাখীৰ” অপাদানকাৰকত |
গছৰ পৰা পাত সৰিছে | গছ + পৰা = গছৰ পৰা | ইয়াত বিশেষ্য “গছ” অপাদানকাৰকত |
মই তেওঁৰ পৰা বাছিলোঁ | তেওঁ + পৰা = তেওঁৰ পৰা | ইয়াত সৰ্ব্বনাম “তেওঁ” অপাদানকাৰকত |
টোকাঃ
সপ্তম্যন্ত (সপ্তমী বিভক্তি অন্তত থকা) পদত তুলনাত “কৈ” যোগ হ’লে, সি অপাদান কাৰক হয় । যেনেঃ ৰামতকৈ হৰি ডাঙৰ ।
আবধি আৰু অপেক্ষা শব্দৰ যোগতো অপাদান কাৰক হয় । যেনেঃ অদ্যাবধি ।
অধিকৰণকাৰক
যত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে । অধিকৰণ কাৰকত সপ্তমী বিভক্তি (অত) যোগ হয় ।
তেওঁ পাটীত শুই আছে | পাটী + অত = পাটীত | ইয়াত বিশেষ্য “পাটী” অধিকৰণকাৰক |
মই কাগজত লিখি আছোঁ | কাগজ + অত = কাগজত | ইয়াত বিশেষ্য “কাগজ” অধিকৰণকাৰক |
টোকাঃ
অধিকৰণ কাৰক দুবিধঃ কালবোধক অধিকৰণ আৰু স্থানবোধক অধিকৰণ ।
কোনো কালত বা সময়ত সম্পাদিত ক্ৰিয়াক অধিকৰণত প্ৰকাশ কৰিলে তাক কালবোধক অধিকৰণ বোলে ।
আনহাতে কোনো স্থানত বা ঠাইত সম্পাদিত ক্ৰিয়াক অধিকৰণত প্ৰকাশ কৰিলে তাক স্থানবোধক অধিকৰণ বোলে ।
সি ইয়ালৈ ভাদমাহত আহিছিল | ভাদমাহ + অত = ভাদমাহত | কালবোধক অধিকৰণকাৰক |
সি গুৱাহাটীত থাকে | গুৱাহাটী + অত = গুৱাহাটীত | স্থানবোধক অধিকৰণকাৰক |