সন্দেহবোধক অব্যয়
যিবিলাক অব্যয় শব্দই কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে । যদি, কিজানি, জানোচা আদি সন্দেহবোধক অব্যয় শব্দ ।
উদাহৰণঃ
যদি : যদি বৰষুণ দিয়ে মই নাযাওঁ ।
কিজানি : তুমি কিজানি পাহৰিলা ।
জানোচা : জানোচা সি কামটো কৰেই ।