সন্ধি
এটা শব্দৰ শেষ বৰ্ণ আন এটা শব্দৰ আদি বা প্ৰথম বৰ্ণৰ সৈতে জোৰা লাগি শব্দ দুটা এটা হ’লে সিহঁতৰ ভিতৰত সন্ধি হোৱা বোলা যায় ।
যেনেঃ হিম + আলয় = হিমালয় ।
টোকাঃ
১. সন্ধি হ’লে শব্দৰ ৰূপ অলপ পৰিৱৰ্ত্তন হয়, কিন্তু অৰ্থৰ পৰিৱৰ্ত্তন নহয় ।
২. ধাতুৰ আগত উপসৰ্গ বা আন কোনো শব্দ থাকিলে সিহঁতৰ ভিতৰত সদায় সন্ধি হয় ।
৩. ধাতু আৰু প্ৰত্যয়ৰ ভিতৰতো সদায় সন্ধি হয় ।
প্ৰকাৰ
সন্ধি মূলত চাৰি প্ৰকাৰৰ । সেইকেইটা হ’ল - স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, অনুস্বাৰ সন্ধি, বিসৰ্গ সন্ধি ।
টোকাঃ
কেতবিলাক সন্ধি আছে, যাক ওপৰত দিয়া চাৰিটা ভাগৰ নিয়মেৰে সাধিব নোৱাৰি । এনেবোৰ সন্ধি নিপাতনত, অৰ্থাৎ অনিয়মিত ৰূপে সিদ্ধ ।