হসন্ত চিন
ব্যঞ্জনবৰ্ণত কোনো স্বৰবৰ্ণৰ যোগ নাথাকিলে সেই বৰ্ণৰ তলত এটা সৰু আঁচ দিয়া হয় । এই (্) আঁচটোক হসন্ত চিন বোলে ।
যেনেঃ এইড্চ, খম্খমিয়া, চুপ্-চাপ ।
স্বৰবৰ্ণৰ যোগ নথকা ত ফলাৰ তলত হসন্ত চিন (্) প্ৰায় দিয়া নহয় । তেতিয়া তাৰ আকাৰ সলাই “ৎ” আকাৰ ব্যৱহাৰ কৰা হয় । “ত” আখৰৰ আকাৰ এনেকুৱা হ’লে তেতিয়া তাক “খণ্ড ত” বোলে ।
যেনেঃ সৎ, হঠাৎ, অকস্মাৎ ।
ৰেফ্
ৰ্ বৰ্ণৰ পাচত আন কোনো ব্যঞ্জন বৰ্ণ থাকিলে (৴) এই আকাৰ ধৰি সেই বৰ্ণৰ শিৰলৈ যায় । তাৰ এই আকাৰক ৰেফ্ বোলে ।
যেনঃ কৰ্কশ, খৰ্গ ।
ৰেফ্ যোগ হ’লে ক-বৰ্গৰ বৰ্ণ আৰু উষ্মবৰ্ণৰ বাদে প্ৰায় সকলো বৰ্ণৰ দ্বিত্ব হয়, অৰ্থাৎ সেই বৰ্ণ দুটা হয় । তলৰ উদাহৰণত পূৰ্ব্ব, ধৰ্ম্ম আদিত ব আৰু ম ক্ৰমে দ্বিত্ব হৈছে ।
যেনঃ কৰ্কশ, খৰ্গ, পূৰ্ব্ব, ধৰ্ম্ম, কাৰ্য্য ।
আন বিশেষ বৰ্ণ সমূহ
ড়, ঢ়, য় এই তিনিটা ভিন ভিন আখৰ নহয় । শব্দৰ মাজত বা শেষত ড, ঢ আৰু য থাকিলে, ড কেতিয়াবা কঠিন ৰ, ঢ কেতিয়াবা ঢ় আৰু য কেতিয়াবা ই-অৰ দৰে উচ্চাৰিত হয় । তেতিয়া তেনেকুৱা উচ্চাৰণ বুজাবলৈ সিহঁতৰ তলত এটা সৰু বিন্দু দিয়া হয় ।
যেনেঃ আড়ম্বৰ, আঢ়ৈ, বিয়নী ।
ক্ষ বৰ্ণ যদিও “ক” আৰু “ষ” গোট খাই হৈছে, অসমীয়া ভাষাত ইয়াৰ উচ্চাৰণ খ আৰু খ্য ।
যেনেঃ বৃক্ষ, পক্ষী ।
ঁ এই চিনটোৰ নাম চন্দ্ৰবিন্দু । ই এটা আখৰ নহয়, উচ্চাৰণ চিন মাথোন । যি আখৰ নাকেৰে বা নাকী সুৰত উচ্চাৰণ কৰিব লাগে, তাৰ ওপৰত এই চিন দি সেই উচ্চাৰণ বুজোৱা হয় ।
যেনেঃ দাঁত, বাঁহ, গাওঁ ।