ভাববোধক অব্যয়

যিবিলাক অব্যয় শব্দই সুখ, দুখ, আশ্বৰ্য্য আদি মনৰ ভাব প্ৰকাশ কৰে, সিহঁতক ভাববোধক অব্যয় বোলে । হাঁয়, আঃ, ইঃ, ইচ্, উঃ, উস্, ঔ, আও, হাও, ছিঃ, ছিছি আদি ভাববোধক অব্যয় শব্দ ।

উদাহৰণঃ

আঃ : আঃ ! কি সুন্দৰ ফুল ।

হাঁয় : হাঁয় ! সৰু ছোৱলীজনীক এতিয়া কোনে চাব ?

উঃ : উঃ ! কি গৰম ।

 

টোকাঃ

১. কেতিয়াবা সংজ্ঞা শব্দও ভাববোধক অব্যয় স্বৰূপে ব্যৱহাৰ হয় । যেনেঃ হৰি হৰি ! এয়া কি কৰিলোঁ মই ।

২. কেতিয়াবা এফাঁকি কথাও ভাববোধক অব্যয় স্বৰূপে ব্যৱহাৰ হয় । যেনেঃ আই ঔ দেহি ! ল’ৰাটোলৈ বেয়াই লাগে ।